মৰিগাঁও ই-ৰিক্সা চালক সংন্থাৰ উত্তাল প্ৰতিবাদ
মৰিগাঁৱৰ মাজমজিয়াত আজি ই-ৰিক্সা চালক তথা ড্ৰাইভাৰ সন্থাৰ উত্তাল ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় । বিগত সময়ছোৱাত মৰিগাঁও মূল চহৰৰ ভিতৰত ই-ৰিক্সা সমুহক প্ৰৱেশ নিষিদ্ধ কৰাত মৰিগাঁও চহৰৰ বিভিন্ন ই-ৰিক্স চালক তথা ড্ৰাইভাৰসকলে বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু তাৰে সমান্তৰালভাৱে আজি মৰিগাঁও ই-ৰিক্সা সন্থাই মৰিগাঁৱৰ মাজমজিয়াৰ পৰা মৰিগাঁও উপায়ুক্ত কাৰ্য্যালয়লৈ এখনি বিশাল ৰেলী বাহিৰ কৰি উত্তাল প্ৰতিবাদ কৰা দেখা যায় ।
মৰিগাঁও পৰা কৃষ্ণ কুমাৰ নাথৰ ৰিৰ্পট