Daily Time Axom

জামুগুৰিহাটত নৱগ্ৰহ মন্দিৰ প্ৰাঙ্গনত প্ৰতিষ্ঠা দিৱস আৰু মহাযজ্ঞ

0 6

সমষ্টিবাসীৰ কুশল হোৱাৰ কামনাৰে সেৱা লয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।

নদুৱাৰ দৈৱজ্ঞ ব্ৰাক্ষ্মণ সমাজৰ উদ্যোগত শোণিতপুৰ জিলাৰ ইতিহাসে গৰকা জামুগুৰিহাটৰ গেৰেকীচুকস্থিত নৱগ্ৰহ মন্দিৰ প্ৰাঙ্গনত তিনিদিনিয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰে মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আৰু জ্ঞান মহাযজ্ঞ । এই পৱিত্ৰ অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি সমষ্টিবাসীৰ মঙ্গল হোৱাৰ কামনাৰে সেৱা ল’লে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ গায়ন-বায়ন আয়তীৰ উৰুলিৰে শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ লগতে মাঙ্গলিক নিয়মেৰে এক বৃহৎ জ্ঞান মহাযজ্ঞৰো পালন কৰা দেখা যায় । সমাজ সংস্কাৰ, আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত নদুৱাৰ দৈৱজ্ঞ ব্ৰাক্ষ্মণ সমাজে যি পদক্ষেপ গ্ৰহন কৰি আহিছে সেইয়া সচাঁয় প্ৰশংসনীয় বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.