একেটা ঘৰতে বাস দুহাল আচৰিত দম্পতীৰ
দুয়োগৰাকী মহিলাই প্ৰথমে নেটত কথা পাতিছিল। পিছত, দুয়ো দুয়োৰে স্বামীক লগ পায়। অলপ সময়ৰ ভিতৰতে দুয়োহাল দম্পতীৰ মাজত বন্ধুত্ব অধিক গাঢ় হৈ পৰে। কেইদিনমানৰ পিছত, তেওঁলোকে উপলব্ধি কৰে যে সম্পৰ্কটো এতিয়া বন্ধুত্বতে সীমাবদ্ধ হৈ থকা নাই। অৱশেষত, দুয়ো দম্পতীয়ে একেটা ঘৰতে থকাৰ সিদ্ধান্ত লয়। তেতিয়াৰ পৰা, চাৰিজন লোক একেখন ছাদৰ তলত বাস কৰি আছে। দুয়োগৰাকী পত্নীয়েই ইগৰাকীয়ে সিগৰাকীৰ স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্কতো লিপ্ত হৈছে। দুয়োগৰাকী পত্নী মাতৃও হৈছিল। কিন্তু চাৰিজনৰ কোনো নিশ্চিত নহয় যে সেই শিশুৰ পিতৃ কোন!
আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰেগন ৰাজ্যৰ ঘটনা। তায়া হাৰ্টলেছ আৰু এলিচিয়া ৰজাৰ্ছ নামৰ মহিলা দুগৰাকী আৰু তেওঁলোকৰ স্বামী ছিন আৰু টাইলাৰে মুকলিকৈ গোটেই কথাটো কৈছে। অৱশ্যে, কোনেও ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃ কোন তাক লৈ অত্যাধিক চিন্তিত নহয়। ২৭ বছৰীয়া টিয়াই কয় যে তেওঁলোক প্ৰকৃততে এটা ডাঙৰ পৰিয়াল আৰু পিতৃ-মাতৃ হিচাপে, তেওঁলোকে একে সময়তে সকলো দায়িত্ব পালন কৰিব।
দুয়োটা দম্পতীয়ে কয় যে যদিও প্ৰথমতে কিছু সংকোচ আছিল, তথাপিও কাৰো বাবে তেওঁলোকৰ চিন্তা লুকুৱাই ৰখাটো সম্ভৱ নাছিল। অৱশেষত তেওঁলোকে ২০২০ চনৰ আৰম্ভণিতে একেলগে থাকিবলৈ আৰম্ভ কৰিছিল। এই সম্পৰ্কৰ আগতে দুয়োটা দম্পতীৰ সন্তান আছিল। কিন্তু একেলগে থকাৰ পিছত, মহিলা দুগৰাকীয়ে আকৌ এবাৰ মাতৃ হ’ব বিচাৰিছে । তাৰ পিছত সন্তান জন্ম দিয়াৰ সিদ্ধান্তও লৈছে । দম্পতীহালে কৈছিল যে তেওঁলোকৰ প্ৰথম দুটা সন্তানেও এতিয়া গৌৰৱ কৰে যে তেওঁলোকৰ এযোৰ নহয় দুযোৰ পিতৃ-মাতৃ ।