Daily Time Axom

মিকিৰভেটা আৰক্ষীৰ উদ্যোগত দৰ্শনীমূলক ভলীবল প্ৰতিযোগিতাৰ অনুষ্ঠিত

0 36

মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি বুধবাৰে বিয়লি এক দৰ্শনীমূলক চৰাইবাহী বনাম হাবিহবৰঙাবাৰী দুটি শক্তিশালী দলৰ মাজত ভলিবল প্ৰতিযোগিতা
আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত অসম আৰক্ষীয়ে লাভ কৰা বটাঁৰ বাবে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন সহযোগত
মিকিৰভেটা আৰক্ষী চকী উদ্যোগত অসম আৰক্ষীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাক কেন্দ্ৰ কৰি অঞ্চল সমূহত ক্ৰীড়া পৰিবেশ গঢ়ি আগন্তুক ভবিষ্যতে ক্ৰীড়াৰ দিশত আগবাঢ়িবলৈ এই পদক্ষেপ লোৱা হয়। আজি
চৰাইবাহী আঞ্চলিক খেল পথাৰত চৰাইবাহী ভলীবল সন্থা আৰু হাবিবৰঙাবাৰী ভলীবল সন্থাৰ মাজত এই আমন্ত্ৰিত দৰ্শনীমূলক ভলীবল প্ৰতিযুগিতাৰ অনুষ্ঠিত কৰা হয় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।এই ভলিবল অনুষ্ঠান উদ্বোধন কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন উপস্থিত থাকে লগতে উপ আৰক্ষী অধীক্ষক মৌচুমী দাস,মিকিৰভেটা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীজেন চন্দ্ৰ বৰা,গাওঁৰক্ষী বাহিনীৰ উপদেষ্টা বিষ্ণুজ্যোতি ভাগৱতীকে ধৰি বহু কেইগৰাকী আৰক্ষী বিষয়া উপস্থিত থাকে। লগতে এই অনুষ্ঠানতে চৰাইবাহী অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
দুয়োটা দলে অংশগ্ৰহণ কৰা খেলখনিত চৰাইবাহী ভলীবল দলটোৱে বিজয়ী হয়।
সদৌশেষত দুয়োটা দলকে বটা প্ৰদান কৰে আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন আৰু উপ আৰক্ষী অধীক্ষক মৌচুমী দাসে ।

মৰিগাঁৱৰ পৰা কৃষ্ণ কুমাৰ নাথৰ ৰিৰ্পট।

Leave A Reply

Your email address will not be published.