টাইকোৱাণ্ডু প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি চতিয়া সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছে ৮ গৰাকীকৈ কিশোৰ কিশোৰীয়ে ৷ যোৱা ৮ আৰু ৯ মে’ত তেজপুৰ মিছন চাৰিআলি কন্যা মহাবিদ্যালয়ত অনুষ্ঠিত ২০২২ বৰ্ষৰ শোণিতপুৰ জিলাৰ টাইকোৱাণ্ডু চেম্পিয়নশ্বিপত ঢাৰিকাটি ওৱৰিৱৰ্ছ টাইকাণ্ডু এচছিয়েচনৰ ৮ গৰাকীকৈ খেলুৱৈয়ে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয় ৷ ৮ গৰাকী খেলুৱৈৰ ভিতৰৰে ৪ গৰাকীয়ে গ’ল্ড আৰু ৪ গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ঢাৰিকাটি ওৱৰিৱৰ্ছ টাইকাণ্ডু এচছিয়েচনৰ পৰা প্ৰতিনিধিত্ব কৰি টাইকাণ্ডু প্ৰতিযোগীতাত স্থান লাভ কৰা খেলুৱৈ সকলক টি এম পি কেৰ নামেৰী আঞ্চলিক কমিটিৰ উদ্যোগত পূৱ-পশ্চিম জীয়াভৰলী আঞ্চলিক কমিটিৰ সহযোগত আজি সমষ্টিটোৰ অন্তৰ্গত জামুগৰিহাটৰ সমীপৰ সোনাই মিৰিত উষ্ম অভিনন্দন জ্ঞাপন কৰে ৷ ঢাৰিকাটি ওৱৰিৱৰ্ছ টাইকোৱাণ্ডু এচছিয়েচনৰ ১০ গৰাকী শিক্ষাৰ্থীয়ে পূৰ্বে ওডালগুড়ি জিলাৰ ডিমাকুছিত অনুষ্ঠিত অল বড়োলেণ্ড টাইকোৱাণ্ডু চেম্পিয়নছিপ ২০২১ প্ৰতিযোগীতাত কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ পদক লাভ কৰা শিক্ষাৰ্থীসকলে মূখ্য প্ৰশিক্ষক ভৱেন ৰাভা আৰু টংকেশ্বৰ মিলিৰ অশেষ প্ৰচেষ্টাৰ ফলতে এই সন্মান বুটলিবলৈ সক্ষম হৈছে বুলি জনাইছে উদ্যোক্তা সকলে ।
অভিনন্দন অনুষ্ঠানটিত অংশগ্ৰহণ কৰে শোণিতপুৰ জিলা টি এম পি কেৰ উপ সভাপতি বাবুল মিলি, প্ৰচাৰ সম্পাদক কমল নাটেৰ লগতে পুব জীয়াভৰলী আঞ্চলিক কমিটিৰ সভাপতি মনোৰঞ্জন মিলি আৰু পশ্চিমৰ সভাপতি প্ৰকাশ চিন্তেই।