♦ যিমান সম্ভৱ ধুলি পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব।
♦ দৈনন্দিন কাৰ্যকলাপৰ সময়ত মুখা পিন্ধিব।
♦ যদি ঘৰত কাৰ্পেট থাকে, ইয়াক আঁতৰাব লাগে, গধুৰ পৰ্দা ব্যৱহাৰ কৰিব নালাগে।
♦ এচি ফিল্টাৰটো পৰিষ্কাৰ ৰাখিব লাগে।
♦ পোহনীয়া জন্তুৰ পৰা আঁতৰি থাকিব, উলৰ চুৱেটাৰ পিন্ধিব নালাগে।
♦ এয়াৰ পিউৰিফায়াৰ কাৰ্যালয়ত আৰু ঘৰত ব্যৱহাৰ কৰিব লাগে। কৰ্মক্ষেত্ৰ, গাড়ী আৰু অন্যান্য স্থান পৰিষ্কাৰ আৰু শুকান ৰাখিব লাগে।
♦ এণ্টিহিষ্টামিনসদৃশ ঔষধ গ্ৰহণ কৰিব।
♦ উশাহ চুটি হ’লে ইনহেলাৰ এটা ব্যৱহাৰ কৰিব পাৰি, অৱশ্যে চিকিৎসকৰ পৰামৰ্শ. অনুসৰি।
♦ আপুনি ধূমপান কৰিব নালাগে ।
♦ ধুলিৰ পৰা আঁতৰি থকাৰ পিছতো যদি কেইদিনমানৰ ভিতৰত কোনো সকাহ নাপায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।