Daily Time Axom

বজাৰত লাগিল জুই চৰকাৰ অছে শুই শ্লোগানেৰে উত্তাল প্ৰতিবাদ আমছুৰ

0 8

চিৰাঙৰ বিজনীত আমছুৰ প্ৰতিবাদ । সমগ্ৰ ৰাজ্যৰ লগতে বিজনীৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আজি ৰাতিপুৱা ১১ বজাৰ পৰা ১ বজালৈ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে । উক্ত ধৰ্মঘট স্থলীত নিতৌ প্ৰয়োজনীয় সামগ্ৰী অস্বাভাৱিক ভাবে মূল্য বৃদ্ধি হোৱাত সাধাৰণ লোকৰ পানীত হাঁহ-নচৰা অৱস্থা হৈছে । সেয়ে আজি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে গেছ, মিঠাতেল, পেট্ৰোল,ডিজেল আদি কৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে । এই বিষয়ে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ আমছুৰ । ধৰ্মঘট স্থলীত ৰনজিৎ দাস পদত্যাগ কৰক, অসম চৰকাৰ হায় হায় বিভিন্ন চৰকাৰ বিৰোধী ধ্বনিৰে বিজনী মহকুমা কাৰ্যালয়ৰ সন্মুখ উত্তপ্ত কৰি তোলে ।
ইফালে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে আৰু পিয়াজৰ মালা পৰিধান কৰি ধৰ্মঘট কৰা পৰিলক্ষিত হয় । ৰেজাউল কৰিম সৰকাৰে সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে ১ বছৰ পুৰ্ণ হোৱাৰ বৰ্ষপতি পালন কৰিছে । বৰ্ষপতি নহয় ব্যৰ্থপতি পালন কৰিব লাগে অসম চৰকাৰে ।

Leave A Reply

Your email address will not be published.