Daily Time Axom

বৰপথাৰস্থিত অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগ ,নিয়োগ বিনিময় কেন্দ্ৰত সংঘটিত বেমেজালি

0 14

চৰকাৰী কৰ্মচাৰীয়ে নামানে চৰকাৰৰ নিৰ্দেশ । কৰ্মচাৰী সকলে নিদ্ধাৰিত সময়তকৈ বহু পলমকৈ উপস্থিত হয় কাৰ্যালয়ত । এই কথা পুনৰ প্ৰমাণ কৰিলে চৰকাৰী কৰ্মচাৰীয়ে । ধনশিৰি মহকুমাৰ বৰপথাৰস্থিত অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগ ,নিয়োগ বিনিময় কেন্দ্ৰত সংঘটিত হৈছে তেনে কাণ্ড । চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দুজনৰ বাদে দিনৰ ১২ বজালৈকে কাৰ্যালটোত নাই সহকাৰী নিয়োগ বিষয়াসহ জ্যেষ্ঠ আৰু কণিষ্ঠ সহায়ক । এইয়া আমি কোৱা কথা নহয় স্বয়ং কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কেমেৰাৰ সন্মুখত কোৱা কথা । কাৰ্যালয়টোৰ সহকাৰী নিয়োগ বিষয়া গৰাকীয়ে গুৱাহাটীত এটাচ হিচাবে থকাৰ সুযোগলৈ ডেৰমাহ ধৰি অনুপস্থিত কাৰ্যালয়ত । সমান্তৰালকৈ জ্যেষ্ঠ আৰু কণিষ্ঠ সহায়ক দুগৰাকীয়েও সহকাৰী নিয়োগ বিষয়াৰ অনুপস্থিতিৰ সুযোগলৈ উপস্থিত নাথাকে কাৰ্যালয়ত । উল্লেখ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দুজনেই চলাই কাৰ্যালয়টো । যাৰফলত ধনশিৰি মহকুমাৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকল নিয়োগ বিনিময় কেন্দ্ৰৰ প্ৰমাণ পত্ৰ পোৱাত সমস্যাৰ সন্মুখীন হোৱাই নহয় কাৰ্যালয়লৈ আহি বিমুখ হৈ ঘূৰি যাব লাগে । দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতি গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এই সকল বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্রহণ কৰে সেইয়াহে লক্ষণীয় হব ।

সৰুপথাৰ ৰ পৰা অনুপ বৰা ৰিপৰ্ট।

Leave A Reply

Your email address will not be published.