ৰাজীৱ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব প্ৰদান
প্ৰাক্তন বিত্ত সচিব ৰাজীৱ কুমাৰে দেওবাৰে (১৫ মে) নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব ল’বলৈ সাজু হৈছে। তেওঁ সুশীল চন্দ্ৰৰ উত্তৰাধিকাৰী হিচাপে যোগদান কৰিব।
এক টুইটযোগে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰণ ৰিজিজুৱে কয়: “সংবিধানৰ ৩২৪ অনুচ্ছেদৰ (২) দফা (২) অনুসৰি ৰাষ্ট্ৰপতিয়ে শ্ৰী ৰাজীৱ কুমাৰক ১৫ মে’ , ২০২২ তাৰিখৰ পৰা মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দি আনন্দিত হৈছে। শ্ৰী ৰাজীৱ কুমাৰলৈ মোৰ শুভেচ্ছা।”
নিযুক্তি পত্ৰখনত কোৱা হৈছে যে চন্দ্ৰই শনিবাৰে তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব।
ৰাজীৱ কুমাৰ এজন ১৯৮৪ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱা (আইএএছ) বিষয়া। তেওঁ কেন্দ্ৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিহাৰ আৰু ঝাৰখণ্ডৰ তেওঁৰ ৰাজ্যিক কেডাৰত কাম কৰিছিল।