জামুগুৰিহাটত সাংবাদিক ৰাজু বৰুৱাৰ আশু আৰোগ্য কামনাৰে ৰাইজৰ পৰা সহায় ভিক্ষা নদুৱাৰ প্লেছ ক্লাবৰ

নিউজ 18 অসম নৰ্থ ইষ্টৰ গুৱাহাটীত কৰ্মৰত সাংবাদিক তথা জামুগুৰিহাটৰ ধলাইবিলৰ চামধৰা নিৱাসী ৰাজু বৰুৱা জটিল ৰোগত আক্ৰান্তহৈ সম্প্ৰতি গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হস্পিতালত চিকিৎসাধীন ৷সাংবাদিকগৰাকীৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে শীঘ্ৰে বহিৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিছে৷ সাংবাদিক গৰাকীৰ ব্যয় বহুল চিকিৎসাৰ বাৱে সম্প্ৰতি আৰ্থিক অনাতন হোৱাত পৰিয়াল বৰ্গই ৰাইজৰ পৰা বিছাৰিছে আৰ্থিক সাহাৰ্য ৷ আজি সাংবাদিক গৰাকীৰ জন্মস্থান জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত নদুৱাৰ প্ৰেছ ক্লাৱৰ সাংবাদিক সকলে ৰাইজৰ পৰা সংগ্ৰহ কৰে আৰ্থিক সাহাৰ্য্য৷ সাংবাদিক সকলে জামুগুৰি,কুসুমটোলা, ইটাখোলা আদি ব্যৱসায়ীক কেন্দ্ৰৰ বিভিন্ন ব্যৱসায়ী, শুভাকাংক্ষীৰ পৰা দান বৰঙণী সংগ্ৰহ কৰি আজি ৰোগাক্ৰান্ত সাংবাদিকগৰাকীৰ পৰিয়ালৰ সদস্যৰ হাতত অৰ্পন কৰে এক বৃহৎ পৰিমানৰ ধন ৷ নদুৱাৰ প্ৰেছ ক্লাৱৰ সদস্য সকলে সাংৱাদিক ৰাজু বৰুৱাৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনোৱাৰ লগতে অসমবাসীক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ৷

Comments (0)
Add Comment