হাইলাকান্দি জি এন এম প্ৰশিক্ষণ কেন্দ্ৰত ধাত্ৰী দিৱস উদযাপন


বিশ্বৰ আন্তৰাষ্ট্ৰীয় ধাত্ৰী দিৱস উপলক্ষে হাইলাকান্দি জিএন এম নাৰ্চ প্ৰশিক্ষণ কেন্দ্ৰত সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন কৰা অনুষ্ঠানটি কালি সফল সামৰণি পৰে । যোৱা এসপ্তাহে ছাত্ৰী সকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা অন্ততঃ ১২ মে তাৰিখে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হয় । কাৰ্যসূচী অনুসৰি পুৱা বৃক্ষ ৰোপনৰ পাছতে প্ৰাচীৰ পত্ৰিকা “ঋতম্ভৰা” উন্মোচন কৰে হাইলাকান্দি স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা:আছা দোলাই আৰু দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয় । জিএন এম কেন্দ্ৰৰ অধ্যক্ষা জুনমনি শ‌ইকীয়াই সঞ্চালনা কৰা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি হাইলাকান্দি জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা:ৰেহেনা বেগমে ভাষণ আগবঢ়াই । উল্লেখযোগ্য যে উক্ত সভাত যোৱা এসপ্তাহে আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন ধৰণৰ খেল, চিত্ৰাংকন , কবিতা আবৃত্তি, কুইজ, ৰংগোলি আদি প্ৰতিযোগিতাৰ বঁটা-বিতৰণ কৰে ।

Comments (0)
Add Comment