এটা পৰিয়ালৰ কেৱল এজন ব্যক্তিয়েহে টিকট পাব, কংগ্ৰেছৰ আমূল পৰিৱৰ্তন
কংগ্ৰেছ শক্তিশালী এক পদক্ষেপ গ্ৰহণৰ পথত আছে। নতুন যুৱসকলক সন্মুখলৈ অনাৰ বাবে একেলগে দলীয় গাঁথনিত কেইবাটাও সংস্কাৰৰ ঘোষণা কৰিছে।
কংগ্ৰেছে এতিয়াৰ পৰা এটা পৰিয়ালৰ মাত্ৰ এজন সদস্যক টিকট দিয়াৰ সিদ্ধান্ত লৈছে। পিতৃ এজন সাংসদ-পুত্ৰ বিধায়ক, বা পিতৃ এজন মন্ত্ৰী-পুত্ৰ সাংসদ, এইটো আৰু নাথাকিব। শুকুৰবাৰে কংগ্ৰেছৰ চিন্তন শিবিৰ আৰম্ভ হোৱাৰ ঠিক আগতে দলটোৰ এজন সাধাৰণ সম্পাদক অজয় মাকেনে কয় যে সকলোৱে এক পৰিয়ালৰ এক-টিকট নীতিৰ ওপৰত একমত। কেৱল গান্ধী পৰিয়ালক এই নীতিৰ পৰা বাদ দিয়া হ’ব। কংগ্ৰেছৰ সূত্ৰ অনুসৰি, এটা পৰিয়ালৰ একাধিক সদস্যই টিকট নাপাব।আনকি এজন নেতাৰ আত্মীয়ই টিকট ল’ব লগা হ’লেও, তেওঁ কমেও পাঁচ বছৰ কংগ্ৰেছৰ হৈ কাম কৰিব লাগিব।