মুকালমুৱাৰ বৰলিয়াৰপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ বৰলিয়াৰপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । চুইফট ডিজায়াৰ বাহনে মহতিয়ালে বিদ্যালয়লৰ পৰা কণমানি পুত্ৰকক নিবলৈ অহা মহিলাক। মফিদা বেগম নামৰ মহিলাগৰাকীয়ে কণমানি পুত্ৰক বিদ্যালয়ৰ পৰা লৈ আহি স্বামীৰ দোকানৰ সন্মুখত ৰৈছিল। সেই সময়তে বৰপেটা ভৱনীপূৰৰ পৰা হাজো ৰামদিয়ালৈ অহা চুইফট ডিজায়াৰ বাহনখনে খুন্দিয়াই। এএছ০১ইজি০১৮৩ নম্বৰৰ চুইফট ডিজায়াৰ খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰখি থকা মফিদা বেগমক খুন্দিয়াই। চালক সহ চাৰিগৰাকী মহিলাও আহত হয়। মফিদা বেগমৰ লগতে চাৰিচকীয়া বাহন খনত থকা পবিত্ৰ তালুকদাৰ , জুনু বায়ন , হিমানী বায়ন , বিজুমণি বায়ন আৰু মলায়া বায়ন আহত হয়। উল্লেখ্য যে চুইফট ডিজায়াৰখনত থকা আটাইকেইগৰাকী মহিলা ভৱানীপুৰৰ একেটা পৰিয়ালৰে। আটাইকেইগৰাকী লোকক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে আটাইকেইগৰাকীকে উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।