মৰাণত মূল্যবৃদ্ধি ৰোধ আৰু জনজাতিকৰণ প্ৰদানৰ দাবীত টাই আহোম যুৱ পৰিষদৰ বিক্ষোভ

অসমৰ টাই আহোমসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা আৰু ৰাজ্যত অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি মৰাণত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই ৷ সংগঠনটোৰ মৰাণ মহকুমা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰি শতাধিক কৰ্মীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷ মৰাণ নগৰত ৰূপায়ন কৰা এই কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকনে অংশগ্ৰহন কৰি বিজেপি চৰকাৰৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি টাই আহোমসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনায় ৷ আনহাতে  সাধাৰণ জনতাৰ জীৱন অসহনীয় কৰি তোলা অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰি জনতাক সকাহ দিবলৈও চৰকাৰৰ প্ৰতি আহ্বান জনাই টাইপাৰ নেতাদ্বয়ে ৷

Comments (0)
Add Comment