খানাপাৰাত ৰাজ্যচৰকাৰৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন
শনিবাৰৰ দিনটো ৰাজ্যৰ ইতিহাসত এক স্মৰণীয় দিন হিচাপে পৰিগণিত হৈ ৰ’ল । খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ১১টা বিভাগৰ ২২,৯৫৮টা পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ এই গৌৰৱময় মুহূৰ্তত নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী যুৱক-যুৱতীক ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোলৈ স্বাগতম জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
এটা স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে গৈ যিসকল যোগ্য লোকে চৰকাৰী প্ৰশাসন ব্যৱস্থাটোত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ সুযোগ লাভ কৰিছে। এই সুযোগৰ সঠিক ব্যৱহাৰেৰে নিজৰ দক্ষতা আৰু যোগ্যতাৰে প্ৰশাসন ব্যৱস্থাটো শক্তিশালী কৰিবলৈ নিজৰ সৰ্বস্ব উজাৰি দিবলৈ নিযুক্তিপ্ৰাপ্ত সকলোকে মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।
তেওঁ কয়, নিষ্ঠা, সততা, দায়বদ্ধতা, সহানুভূতি আৰু সহমৰ্মিতাৰ মনোভাবেৰে জনসাধাৰণৰ সেৱাৰ বাবে সকলোৱে সংকল্পবদ্ধ হৈ কাম কৰিব লাগিব৷ আমাৰ চৰকাৰে প্ৰতিটো দিন, প্ৰতিটো পল কৰ্মযজ্ঞত সমৰ্পণ কৰিছে৷ আজিৰ নিযুক্তিকে ধৰি বৰ্তমানলৈ প্ৰায় ২৮ হাজাৰ লোকৰ নিয়মীয়া নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। শীঘ্ৰেই পুনৰ ৭-৮ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব। জুলাইৰ শেষৰ সপ্তাহত পুনৰ ২৬ হাজাৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷