Daily Time Axom

হলিউডৰ কায়দাত বিয়াৰ চখ, জ্বলি থকা বিয়াৰ পোছাক পিন্ধিলে নৱবিবাহিতাই

0 10

বহুলোকে বিয়াৰ দিনটো স্মৰণীয় কৰি তুলিব বিচাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নেকি যে জুই লৈ খেলিব ? শুনি আচৰিত লাগিলেও এইটোৱেই সঁচা। বিবাহৰ দিনটো স্মৰণীয় কৰি তুলিবলৈ এহাল নৱবিবাহিত দম্পতীয়ে নিজৰ পিন্ধি থকা পোছাকত জুই লগাই দিছিল।

গেবি জেচপ আৰু এম্বাৰ বাম্বিয়েৰে বিভিন্ন হলীউডএকচন চলচ্চিত্ৰত ষ্টান্ট ডাবলছ হিচাপে কাম কৰিছে। গতিকে বিয়াৰ দিনটো স্মৰণীয় কৰি তুলিবলৈ, তেওঁলোকে একেই হলিউড ষ্টাইল বাছনি কৰিছিল। বগা পোছাক পিন্ধা কইনাগৰাকীয়ে হাতত জ্বলন্ত ফুলৰ থোপা ধৰি থকা দেখা গৈছে।

ৰাছ পাৱেল নামৰ এজন ফটোগ্ৰাফাৰে গোটেই ঘটনাটো বন্দী কৰিছিল। অৱশ্যে, নিজে এনে কৰা স্বত্বেও, নৱদম্পতিয়ে সাধাৰণ মানুহক সতৰ্কবাণী দিছে। তেওঁলোকে কয় যে তেওঁলোকক এই ধৰণৰ কামৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ উপৰিও, তেওঁলোকে গোটেই বিষয়টো আগতে কেইবাবাৰো পৰীক্ষামূলক ভিত্তিত অনুশীলন কৰিছে। সেয়েহে, বিশেষজ্ঞৰ তত্বাৱধান অবিহনে কোনেও এনে কাম একেবাৰে কৰা উচিত নহয়।

Leave A Reply

Your email address will not be published.