Daily Time Axom

বিশ্ব বক্স অফিচ কঁপোৱা ১৫ খন শীৰ্ষৰ ভাৰতীয় চিনেমা ! তালিকাত কি কি ছবি ? তালিকাৰ শীৰ্ষত দক্ষিণ ভাৰতৰ ছবি ৷

0 11

KGF: Chapter 2 নামৰ ছবিখনে মুক্তিৰ পিছত বিশ্বৰ চিনেমা জগতখনত ধুমুহাৰ সৃষ্টি কৰিলে ৷ ভাৰতীয় বক্স অফিচত ১০০০ কোটি টকাৰো অধিক উপাৰ্জন কৰাৰ পাছত ছবিখনে বক্স অফিচত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰিছে।

বিশ্বৰ ভিতৰত কোনখন ১৫ খন ভাৰতীয় চিনেমাৰ বক্স অফিচ সৰ্বাধিক আছে জানো আহক।

১/ডংগল: আমিৰ খান অভিনীত এই হিন্দী চিনেমাখনে বিশ্বৰ বক্স অফিচত শীৰ্ষস্থান দখল কৰিছে। আনকি চীনতো আন ৩৪খন দেশত দেখুওৱা চিনেমাবোৰৰ ভিতৰত ‘ডংগল’ অন্যতম। ‘ডংগল’য়ে বিশ্বৰ বক্স অফিচৰ পৰা প্ৰায় ২০২৪ কোটি টকা উপাৰ্জন কৰিছে।

২/ Bahubali 2: The Conclusion: দক্ষিণ ভাৰতৰ অন্যতম জনপ্ৰিয় চিনেমা বাহুবলী-২। একচন আৰু ৰোমান্সৰ এক সুন্দৰ সংমিশ্ৰণ এই চিনেমাখন । প্ৰভাস অভিনীত চিনেমাখন বিভিন্ন আঞ্চলিক ভাষাতো ডাব কৰা হৈছে। বিশ্ব বক্স অফিচৰ পৰা ১৬১০ কোটি টকা উপাৰ্জন কৰি দ্বিতীয় স্থান দখল কৰিছে ‘বাহুবলী-২’য়ে।

৩/ আৰ আৰ আৰ: ২০২২ চনত মুক্তি পোৱা তেলেগু ছবি ‘আৰ আৰ আৰ’ বক্স অফিচৰ শীৰ্ষ তিনিখন ছবিৰ ভিতৰত আছে। ই বিশ্বৰ বক্স অফিচত মুঠ ১১২০ কোটি টকা উপাৰ্জন কৰিছে।

৪/ কেজিএফ: চেপ্তাৰ-২: জনপ্ৰিয়তাৰ ক্ষেত্ৰত ‘কেজিএফ: অধ্যায়-২’য়ে আনকি প্ৰথম খণ্ডটোকো অতিক্ৰম কৰিছে। বক্স অফিচত চতুৰ্থ স্থান। তৃতীয় খণ্ডৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে দৰ্শকসকল।

৫/ ‘বজৰংগী ভাইজান’ঃ ছলমান খান অভিনীত এই হিন্দী চিনেমাখনে বিশ্বৰ বক্স অফিচৰ পৰা ৯১০ কোটি টকা উপাৰ্জন কৰি পঞ্চম স্থানত আছে।

৬/ ‘চিক্ৰেট ছুপাৰষ্টাৰ’ঃ আকৌ এবাৰ আমিৰ খান অভিনীত এখন চিনেমা বক্স অফিচত বিশ্বৰ ষষ্ঠ স্থান লাভ কৰিছে। জানিব পৰা মতে ‘চিক্ৰেট ছুপাৰষ্টাৰ’ৰ উপাৰ্জন হৈছে ৬৫৮ কোটি টকা।

৭/ ‘পি কে’: অনুষ্কা শৰ্মা আৰু আমিৰ খান অভিনীত এই ছবিখন বক্স অফিচত সপ্তম স্থানত আছে। সহযোগী চৰিত্ৰত আছে প্ৰয়াত সুশান্ত সিং ৰাজপুত। বিশ্বৰ বক্স অফিচৰ পৰা ইয়াৰ উপাৰ্জন হৈছে ৭৪৩ কোটি টকা।

৮/ ২.০ ‘: সকলোৰে প্ৰিয় চিনেমা’ ২.০ ৷ ‘অষ্টম স্থানত আছে ৰজনীকান্ত অভিনীত। সহযোগী চৰিত্ৰত আছে অক্ষয় কুমাৰ আৰু ঐশ্বৰ্য ৰায় বচ্চন। ই বিশ্বৰ বক্স অফিচৰ পৰা লাভ কৰিছে ৭৪৭ কোটি টকা।

৯/সঞ্জু ‘: সঞ্জয় দত্তৰ এই আত্মজীৱনীমূলক হিন্দী চিনেমাখনত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। বিশ্ব বক্স অফিচৰ পৰা ৫৬৫ কোটি টকা উপাৰ্জন কৰি নৱম স্থানত আছে ‘সঞ্জু’।

১০/ ‘ছুলতান’ঃ ছলমান খানৰ অভিনীত ছবি ‘ছুলতান’ ৫৮৪ কোটি টকা উপাৰ্জন কৰি বিশ্বৰ দশম স্থানত আছে।

১১/ ‘টাইগাৰ জিন্দা হ্যেয়’ঃ এই তালিকাত ছলমান খানে অভিনয় কৰা আন এখন চিনেমা আছে। ‘টাইগাৰ জিন্দা হ্যেয়’ বিশ্বৰ ১১ নম্বৰ স্থানত আছে ৫৬১ কোটি টকা।

১২/ পদ্মাৱত:- দ্বাদশ স্থান দখল কৰিছে ‘পদ্মাৱত’ চিনেমাখনে। আলাউদ্দিন খিলজী আৰু ৰাজপুতৰ সম্ৰাট ৰতন সিঙৰ মাজত হোৱা সংঘৰ্ষৰ আধাৰত নিৰ্মিত ছবিখন।

১৩/ ‘ধুম ৩’ঃ বিশ্বৰ বক্স অফিচৰ পৰা ৫২৯.৯৮ কোটি টকা উপাৰ্জন কৰি ১৩ নম্বৰ স্থানত আছে আমিৰ খানৰ অভিনীত ছবি ‘ধুম ৩’।

১৪/ ৱাৰ :– ১৪ নম্বৰ স্থানত আছে হৃতিক ৰোষণ আৰু টাইগাৰ শ্ৰফ অভিনীত ‘ৱাৰ’ চিনেমা। ই বিশ্বৰ বক্স অফিচৰ পৰা মুঠ ৪৫১ কোটি টকা উপাৰ্জন কৰিছে।

১৫/ ‘সাহো’ঃ ১৫ নম্বৰ স্থানত আছে প্ৰভাস অভিনীত ‘সাহো’ চিনেমা। ই বিশ্বৰ বক্স অফিচৰ পৰা মুঠ ৪৩২ কোটি টকা উপাৰ্জন কৰিছে।

Leave A Reply

Your email address will not be published.