ভাল কামৰ পুৰস্কাৰ ! কোম্পানীৰ ৫৪ হাজাৰ কৰ্মচাৰীক ৪ লাখ টকাকৈ বোনাছ!
ভাল কামৰ পুৰস্কাৰ ! কোম্পানীটোৰ ৫৪ হাজাৰ কৰ্মচাৰীক ৫ লাখ টকাকৈ বোনাছ!
এটা কেচিনোৱে গোটেই বছৰটো ভাল কামৰ বাবে কৰ্মচাৰীসকলক সুখী কৰিবলৈ বিশাল বোনাছ আগবঢ়াইছে । ABC6 ৰ তথ্য অনুসৰি বিগত দুবছৰত ক’ভিড সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ব্যাপক লোকচান হৈছে। তাৰ মাজতে এটা কেচিনোৰ কৰ্মচাৰী সকলে নিজা প্ৰচেষ্টাৰে জীয়াই ৰাখিছে কেচিনসটো ৷
এখন বিশাল কেছিনো ৷ আমেৰিকাৰ লছ ভেগাছৰ ‘দ্য কচমোপলিটান কেচিনো’ নামৰ কেচিনোটোত ৫৪ হাজাৰ কৰ্মচাৰী আছে। প্ৰতিজন শ্ৰমিকে লাভ কৰিছে পাঁচ হাজাৰ ডলাৰৰ বোনাছ, যিটো ভাৰতীয় মুদ্ৰাত তিনি লাখ আশী হাজাৰ টকা , প্ৰায় ৪লাখ টকা । এবিচি৭ৰ এক প্ৰতিবেদন অনুসৰি, কেচিনোটোত বৃহৎ সংখ্যক কৰ্মচাৰীক দৰমহা দিবলৈ দুই কোটি ৭০ লাখ ডলাৰ খৰচ হৈছে, আৰু ভাৰতীয় মুদ্ৰাত ২০৯ কোটি টকা।
দ্য কচমোপলিটান কেচিনোৰ চিইঅ’ বিল মেকবেথে কয় যে, “ঘৰ চাফা কৰাৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া কৰালৈকে, গ্ৰাহকক চম্ভালিব পৰালৈকে, কঠিন পৰিস্থিতিতো যিসকলে সকলো কাম দক্ষতাৰে চম্ভালিছে, এই বোনাছেই তেওঁৰ পুৰস্কাৰ। আশাকৰোঁ ইয়াৰ ফলত শ্ৰমিকসকলৰ মনোবল বৃদ্ধি পাব।” বোনাছৰ দ্বাৰা আপ্লুত হৈছে কৰ্মচাৰীসকল।