ইচ্ছা কৰিলেও ছলমান খানে বিয়া পাতিব নোৱাৰিব, মোৰ ল’ৰাৰ গাতে অভাৱ আছে; কিয় ক’লে ছলমান খানৰ পিতৃয়ে?
জীৱনৰ ৫৬ টা বসন্ত পাৰ কৰাৰ পিছতো তেওঁ সৰ্বোত্তম বিবাহযোগ্যৰ তালিকাৰ পৰা নিজৰ নাম আঁতৰাবলৈ সক্ষম হোৱা নাই বলীউডৰ ছুপাৰ ষ্টাৰজনে । তেওঁ ৬০ গৰকিবলৈ কেইটামান বছৰ বাকী থকা বয়সতো ‘ছিংগল’ জীৱন যাপন কৰি আছে, বহু নায়িকাৰ প্ৰেমত পৰি যৌৱন বা প্ৰেমৰ মধু সুধা পান কৰিলেও তেওঁ জীৱন সংগী হিচাপে কাকো নিৰ্বাচন কৰা নাই।
বৰ্তমান অনুৰাগীসকলৰ বাবে আটাইতকৈ লাখটকীয়া প্ৰশ্নটো হ’ল ছলমান খানৰ বিয়া কেতিয়া হ’ব! তেঁওৰ বিয়াৰ বিষয়ে এটাৰ পিছত এটাকৈ উৰাবাতৰি পোহৰলৈ আহিছিল, কিন্তু প্ৰতিবাৰেই শেষত বতাহত মিলি গৈছিল সেই চৰ্চা । অৱশ্যে শেহতীয়াকৈ ছলমান খানৰ পিতৃয়ে নিজেই এই সন্দৰ্ভত মুখ খুলিছে । ছেলিম খানে বুজাই দিলে কিয় তেওঁৰ পুত্ৰই বিয়া কৰাব পৰা নাই। আৰু সেই উত্তৰে অনুৰাগী সকলক অলপ হতাশ কৰিব।
শেহতীয়াকৈ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বিয়াত বহিব নোৱাৰাৰ বাবে ছলমান খানৰ পিতৃ চেলিম খানে নিজৰ পুত্ৰকে দোষাৰোপ কৰিছে। তেওঁ স্পষ্টকৈ ক’লে যে অভাৱ তেওঁৰ পুত্ৰৰ মাজতে আছে।
বলীউড উদ্যোগৰ অন্যতম জনপ্ৰিয় তাৰকা ছলমানৰ পিতৃ চেলিম খানে কয় যে, সকলোৰে প্ৰিয় তাৰকাজন এতিয়াও অবিবাহিত হৈ থকাৰ কাৰণ তেওঁ নিজৰ মনৰ মানুহজনীক বিচাৰি উলিয়াব পৰা নাই । আৰু এই ধৰণৰ মানুহ বিচাৰি নোপোৱাৰ কাৰণটো হ’ল ছলমানে সকলো সম্পৰ্কতে মাকক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। কিন্তু তেওঁৰ কেৰিয়াৰৰ চূড়ান্ত সফল মানুহজন ওৰে জীৱন অকলশৰীয়া হৈ থাকিবনে! সময়ে ক’ব।