পৃথিৱীৰ আটাইতকৈ সৰু ৪৬ লাখটকীয়া গাড়ীখন আৰু মাইলেজ জানেনে ?
গাড়ী বা বাইক আধুনিক জীৱনৰ অভিন্ন অংগ ৷ বিভিন্ন ধৰণৰ বাহনৰ ভিতৰত মানুহৰ প্ৰথম পছন্দ হ’ল গাড়ী । সেয়ে নিত্য নতুন ডিজাইনাৰ গাড়ীও বজৰলৈ আহিয়েই আছে । আজি আপোনালোকক ক’ব ওলাইছো পৃথিৱীৰ আটাইতকৈ সৰু গাড়ীখনৰ বিষয়ে। আমাৰ ধাৰণা, বিশ্বৰ আটাইতকৈ সৰু গাড়ীখন হ’ল – টাটাৰ ‘নেনো’ কাৰ ৷ কিন্তু দৰাচলতে নেনো পৃথিৱীৰ আটাইতকৈ সৰু গাড়ীখন নহয় ৷

বিশ্বৰ আটাইতকৈ সৰু গাড়ীখনৰ মালিক ব্ৰিটেইনৰ এলেক্স অৰ্চিন।
উৰ্চিনৰ এই সৰু গাড়ীখনৰ নাম পিল পি৫০। ইয়াৰ দৈৰ্ঘ্য ১৩৪ চেন্টিমিটাৰ, বহল ৯৬ মিটাৰ আৰু উচ্চতা ১০০ চেন্টিমিটাৰ। এলেক্সে কয় যে গাড়ীখন সৰু হোৱাৰ বাবে মানুহে তেওঁক ঠাট্টা কৰে। কিন্তু তেওঁ কয় যে গাড়ীত পেট্ৰ’লৰ খৰচৰ পৰিমাণ তেনেই কম। এলেক্সে এই গাড়ীখন দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে। তেওঁৰ উচ্চতা প্ৰায় ৬ ফুট। এনে অৱস্থাত তেওঁক এখন সৰু গাড়ী চলাই থকা দেখি মানুহে আচৰিত হৈছিল।
কেৱল সেয়াই নহয়, মানুহে এলেক্সৰ এই কাৰ্য্যৰ বাবে ঠাট্টা কৰে। অৱশ্যে তেওঁ নিজৰ গাড়ীখনক লৈ বহুত সুখী, কাৰণ গাড়ীখনৰ মাইলেজ বহুত ভাল। Peel P50 ত আছে ৪.৫ হৰ্চপাৱাৰৰ ইঞ্জিন। আপুনি জানি আচৰিত হ’ব যে গাড়ীখনে ৪২ কিলোমিটাৰ মাইলেজ দিয়ে। য’ত ভাৰতৰ সৰ্বাধিক মাইলেজ গাড়ী মাৰুতি চুজুকি চেলেৰিঅ’ই দিয়ে ৩৫ কিলোমিটাৰ মাইলেজ।

পিল ইঞ্জিনিয়াৰিং কোম্পানীয়ে নিৰ্মাণ কৰিছে পিল পি৫০ গাড়ী। ১৯৮২-১৯৭৫ চনৰ ভিতৰত ইয়াক প্ৰথম নিৰ্মাণ কৰা হৈছিল আৰু ২০১০ চনত পুনৰুৎপাদন আৰম্ভ কৰা হৈছিল। এলেক্স অৰ্চিনে কয় যে তেওঁ এই গাড়ীখন সকলো ধৰণৰ ব্যৱহাৰ কৰিব পাৰে। ৰাস্তালৈ ওলাই গ’লে মানুহে তেওঁতকৈ বেছি তেওঁৰ গাড়ীখন চায়। ২০১০ চনত এই গাড়ীখন বিশ্বৰ আটাইতকৈ সৰু গাড়ী হিচাপে পৰিগণিত হয়। কেৱল সেয়াই নহয়, গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ কিতাপখনত পৃথিৱীৰ আটাইতকৈ সৰু গাড়ীখনৰ নাম লিখা হৈছে, ব্ৰিটেইনৰ এলেক্সৰ এই গাড়ীখন।
অৱশ্যে সৰু হ’লেও গাড়ীৰ দাম শুনি আচৰিত হ’ব। ১৩৪ চেন্টিমিটাৰ দৈৰ্ঘ্যৰ এই গাড়ীখনৰ মূল্য ভাৰতীয় টকাত ৬৪ লাখ টকাৰ ওপৰত। দামৰ বাবেই এলেক্সে ছেকেণ্ড হেণ্ড পি৫০ কিনিছিল। এই গাড়ীখনে প্ৰতি ঘণ্টাত সৰ্বাধিক ৩৬ কিলোমিটাৰ মাইলেজ দিয়ে। তেওঁ যোৱা বছৰ গাড়ীখন লৈ সমগ্ৰ ব্ৰিটেইন ভ্ৰমণ কৰিছিল।