বৰ্তমানৰ নৱপ্ৰজন্মই নিজৰ জাতিক সন্মান দিলেহে কলা-সংস্কৃতি জিয়াই থাকিব : ঢোলৰ ওজা সোমনাথ বৰা ।
শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ টুপীয়াত বহাগী মেলাৰ সোণালী জয়ন্তী সমাৰোহ উপলক্ষে বছৰযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা এই বৰ্ষৰ প্ৰথম কাৰ্য্যসূচী সদৌ অসম ভিত্তিত ভৰলীপৰীয়া বিহুৱতী প্ৰতিযোগিতা শনিবাৰে সন্ধিয়া অনুষ্ঠিত হয়৷এই উপলক্ষে প্ৰয়াত অণুপ্ৰভা ভাগৱতী সোঁৱৰণী মঞ্চভাগৰ শুভ উদ্বোধন কৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই৷ চতিয়া সমষ্টিৰ বিধায়ক তথা টুপীয়া পাঁচগাঁও বহাগী মেলাৰ সোণালী জয়ন্তী সমাৰোহৰ সভাপতি পদ্ম হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰি অনুষ্ঠান ভাগৰ শুভাৰম্ভ কৰে ।
বিহুৱতী প্ৰতিযোগিতাখনিত বিচাৰক হিচাপে উপস্থিত থাকে অসমৰ প্ৰখ্যাত ঢোলৰ ওজা হিচাপে খ্যাত সোমনাথ বৰা,গুৱাহাটী লতাশিল বিহুৰ ২০০৫ বৰ্ষৰ বিহু সম্ৰাজ্ঞী সংগীতা কাকতি গোস্বামী আৰু অসমৰ অন্যতম বিহুৱা ক্ষীৰ শইকীয়া । অসমৰ ঢোলৰ ওজা সোমনাথ বৰাই কয় যে – “বৰ্তমানৰ নৱপ্ৰজন্মই নিজৰ জাতিক সন্মান কৰিব শিকিলেহে ভৱিষ্যতলৈ জাতিটোৰ কলা-সংস্কৃতি জীয়াই থাকিব ।” সদৌ অসম ভিত্তিত ভৰলীপৰীয়া বিহুৱতী প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৫ গৰাকীকৈ বিহুৱতীয়ে অংশগ্ৰহণ কৰে । অংশগ্ৰহণ কৰা বিহুৱতী প্ৰতিযোগিসকলক ফুলাম গামোছা, প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে উদযাপন কমিটিয়ে ।
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ৷