একালৰ ‘শত্ৰু’এণ্ড্ৰিউ চাইমণ্ডছৰ মৃত্যুত মৰ্মাহত প্ৰাক্তন স্পিনাৰ হৰভজন
পুৰণি কথা কোনেও মনত ধকি নাৰাখে। ২০০৮ চনৰ সেই ‘মাঙ্কিগেট’ বিতৰ্ক এতিয়া অতীত। তেওঁলোকে পিছত আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ একেলগে খেলিছিল। হৰভজন সিঙে টুইট কৰি এণ্ড্ৰিউ চাইমণ্ডছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

ভাৰতৰ প্ৰাক্তন স্পিনাৰে টুইট কৰি কয়, “এণ্ড্ৰিউ চাইমণ্ডছৰ মৃত্যুত মই হতবাক হৈছো। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। মই আত্মাৰ শান্তি কামনা কৰো। ‘
অৱশ্যে ১৪ বছৰ আগতে দুয়োজন ক্ৰিকেটাৰৰ মাজৰ সম্পৰ্ক ইমান সহজ নাছিল। চাইমণ্ডছ সদায় এজন আক্ৰমণাত্মক ক্ৰিকেটাৰ হিচাপে পৰিচিত। হৰভজনো এৰা ভকত নাছিল। ২০০৮ চনত, তেওঁলোক এখন টেষ্ট মেচত বিতৰ্কত লিপ্ত হৈছিল।

চিডনী টেষ্টৰ সময়ত ভাৰতীয় আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ মাজত কাজিয়া হৈছিল। ইয়াৰ মাজতে, অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলে অভিযোগ কৰে যে হৰভজনে চাইমণ্ডছৰ বাবে বৰ্ণবাদী ভাষা ব্যৱহাৰ কৰিছিল। সেই সময়ত, ভাৰতীয় স্পিনাৰে শচীন তেণ্ডুলকাৰক তেওঁৰ পক্ষত আছিল। অষ্ট্ৰেলিয়াই হৰভজনৰ শাস্তি দাবী কৰিছিল । তেওঁক তিনিখন খেলৰ বাবে নিলম্বিত কৰা হৈছিল। কিন্তু পিছত শাস্তি প্ৰত্যাহাৰ কৰা হয়।