Daily Time Axom

বিহালীৰ বৰগাং আৰক্ষীয়ে জব্দ কৰিলে চোৰাং গৰু ভৰ্তি ট্ৰাক

0 12

বিহালী আৰক্ষীৰ জালত চোৰাং গৰু সৰবৰাহকাৰীৰ ১২ চকীয়া ট্ৰাক ৷ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাংৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পুৱতি নিশা বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুচিং বে’ৰ নেতৃত্বত চলা নাকা চেকিংত জব্দ কৰে ২৪ টাকৈ গৰু চোৰাং ভাৱে সৰবৰাহ কৰা বাহনখন । উল্লেখ্য যে, চোৰাংকৈ গৰু সৰবৰাহ কৰা AS 01 KC 1201 পঞ্জীয়ন নম্বৰৰ ১২ চকীয়া ট্ৰাক খনৰ চালকসহ আন এজনক আৰক্ষীয়ে আটক কৰিছে ৷ চৰকাৰি নিৰ্দেশনা অমান্য কৰি এনেদৰেই নিতৌ সৰবৰাহ চোৰাং পশুধন ৷ ধেমাজিৰ গোগামুখ ৰ পৰা তেজপুৰৰ বালিপাৰা অভিমুখে আহি আছিল বাহনখন ৷ আৰক্ষীয়ে ইতিমধ্যে বাহনখনৰ চালকক আটক কৰি অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে ।

Leave A Reply

Your email address will not be published.