ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ দায়িত্বজ্ঞানহীনতাৰ ফল ভোগিছে ৰাইজে ।
কৃত্ৰিম বানৰ কবলত পৰিছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ একাধিক গাঁও । ফ’ৰলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই অঞ্চলটোৰ মাধৱ, কোঁচগাঁৱকে ধৰি কেইবাখনো গাঁওৰ বহু পৰিয়ালৰ ঘৰবাৰি কৃত্ৰিম বানৰ কবলত পৰিছে । ফ’ৰলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাই বৰষুণৰ জমা হোৱা পানী পৰিকল্পিতভাৱে উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এতিয়া জামুগুৰিহাটৰ এই গাঁওকেইখনৰ ঘৰৰ চৌহদ পানীৰ তলত বুৰ যোৱাৰ লগতে খেতিপথাৰৰ ভিতৰতো পানী সোমোৱাৰ ফলত সমস্যাত পৰিছে । বৰষুণ আহিলেই কৃত্ৰিম বানৰ কবলত পৰা এই পৰিয়াল সমুহে সেয়েহে সংশ্লিষ্ট পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লগতে সংশ্লিষ্ট কতৃপক্ষক কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।