নলবাৰীত বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে যমত যাতনা দিছে ৰাইজক
বহাগৰ বিদায়ী ক্ষণত মূষলধাৰ বৰষুণৰ ফলশ্ৰুতিত নলবাৰী জিলাৰ বিভিন্ন স্থানত সৃষ্টি হয় কৃত্ৰিম বান। জিলাখনৰ গাঁৱে-ভূঞে,চহৰে-নগৰে প্ৰায় প্ৰতিটো প্ৰান্ততে পৰিলক্ষিত হয় কৃত্ৰিম বান।
এই কৃত্ৰিম বানৰ ফলত যান-বাহন চলাচলত বাৰুকৈয়ে সমস্যা সৃষ্টি হোৱা পৰিলক্ষিত হয়। লগতে চহৰখনৰ বিভিন্ন প্ৰান্তৰ নলা-নৰ্দমা সমূহৰ পৰা ওলোৱা গেলা-পচা সামগ্ৰী সমূহ গছকিব লগীয়া হোৱাত ৰাইজ অস্বস্তিত পৰে।একাংশ ক্ষোভিত ৰাইজে চৰকাৰক কতাক্ষ কৰাও পৰিলক্ষিত হয়।লগতে প্ৰতিবছৰে বাৰিষাৰ সময়ত নলবাৰীবাসী ৰাইজে যি যমৰ যাতনা ভূগি আহিছে,ইয়াৰ এটা স্থায়ী সমাধান বিচাৰি চৰকাৰক আহ্বানো জনাইছে।
উল্লেখ্য যে পৌৰ সভা নিৰ্বাচনৰ সময়ত নলবাৰীৰ আটাইকেই গৰাকী ৱাৰ্ড মনোনীত সদস্যৰে প্ৰধান ইচ্ছু আছিল কৃত্ৰিম বান ৰোধ কৰা। সেয়ে লক্ষনীয় হ’ব পৌৰ সভাৰ পৰৱৰ্তী কাৰ্য-কলাপৰ ওপৰত।