অসম চৰকাৰৰ শিক্ষা-স্বাস্থ্য আৰু গৃহ বিভাগত সদ্য নিযুক্তিপ্ৰাপ্ত চতিয়া সমষ্টিৰ ১৮১ গৰাকী যুৱক যুৱতীক আজি বিশেষভাৱে সম্বৰ্ধনা জনাই চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ সম্পূৰ্ণ স্বচ্ছ আৰু নিকাৰে যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰা সমষ্টিটোৰ প্ৰতিগৰাকী যুৱক যুৱতীক একোখনকৈ ফুলাম গামোছা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰি অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে ৷ সমষ্টিটোৰ ঐতিহ্যমণ্ডিত নাগশংকৰ মণ্ডিৰৰ অতিথিশালা ,জামুগুৰিহাটৰ বাপুজী ভৱন,ধলাইবিলৰ সাহিত্য সভা ভৱন আৰু চাৰিদুৱাৰ NGO কাৰ্য্যালয়ত পৃথকে পৃথকে এইসকল সদ্য নিযুক্তি প্ৰাপ্ত যুৱক যুৱতীক অভিনন্দন জনাই বিধায়ক পদ্ম হাজৰিকাই প্ৰতিগৰাকী যুৱক যুৱতীক সততা আৰু নিষ্ঠাৰে নিজ নিজ কৰ্তব্য পালন কৰি সমষ্টিটোৰ নাম উজ্বলাই তুলিবলৈও আহবান জনাই৷মূখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ বাবেই এইদৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাৰে যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত বৃহৎ নিযুক্তি দিবলৈ চৰকাৰখন সক্ষম হৈছে বুলি উল্লেখ কৰি মূখ্যমন্ত্ৰীৰ নেতৃত্বত অচিৰেই দেশৰ পাঁচ ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰিবলৈ সক্ষম হ’বই বুলিও উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই৷
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।