বলীউডৰ এই সুন্দৰীৰ বাবেই চোহেল-সীমাৰ ২৪ বছৰৰ পাছতো বাবাহ বিচ্ছেদ হ’ল !
বলীউডৰ তাৰকা চোহেল খান আৰু সীমা খানে তেওঁলোকৰ ২৪ বছৰীয়া দীঘলীয়া বিবাহৰ সমাপ্তিৰ বাবে সাজু হৈছে। কেইদিনমান আগতে, দুয়োক মুম্বাইৰ বান্দ্ৰা আদালতৰ বাহিৰত একেলগে দেখা গৈছিল। সোহেল খানৰ নাম কেইদিনমান আগতে বলীউডৰ এগৰাকী অভিনেত্ৰীৰ সৈতে জড়িত আছিল। তেওঁলোকক প্ৰায়ে মুম্বাইৰ বিভিন্ন ঠাইত একেলগে দেখা গৈছিল।

সোহেল খান আৰু সীমা খানে ১৯৯৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। প্ৰথমে সোহেল আৰু সীমাই আৰ্য সমাজ মন্দিৰত বিবাহ পাশত আৱদ্ধ হৈছিল পিছত মুছলমান ধৰ্ম মতে নিকাহ কৰিছিল, সীমাৰ পৰিয়াল বিয়াখনত সুখী নাছিল, কিন্তু পিছত পৰিয়ালটোৱে চোহেল আৰু সীমাৰ মাজৰ সম্পৰ্কটো স্বীকাৰ কৰিছিল।
বিবাহৰ বহু বছৰৰ পিছত, সোহেল খানৰ নাম হঠাতে বলীউডৰ অভিনেত্ৰী হুমা কুৰেছিৰ সৈতে জড়িত হৈ পৰে। চোহেল আৰু হুমা কুৰেছিৰ সম্পৰ্কৰ খবৰে বলীউডত এক আলোড়নৰ সৃষ্টি কৰিছিল।

জনা যায় যে এই সম্পৰ্কৰ বাতৰি জনাৰ পিছত, সীমা খানৰ সৈতে সোহেলৰ সম্পৰ্ক তিক্ত হৈ পৰে। সীমা খান দীৰ্ঘদিন ধৰি চোহেলৰ সৈতে থকা নাই।
নেটফ্লিক্সৰ অনুষ্ঠান ফাবুলাছ লাইভছ অফ বলীউড ৱাইভছত চোহেল আৰু সীমাৰ সম্পৰ্কৰ বিষয়ে বিভিন্ন কথা সন্মুখলৈ আহিছিল। এই অনুষ্ঠানত জনা যায় যে চোহেল আৰু সীমা পৃথকে বাস কৰে।
