Daily Time Axom

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়নপুৰ উজিৰৰ টোলত ৫৩৪ সংখ্যক কেন্দ্ৰীয় আৱিৰ্ভাৱ মহোৎসৱ উদযাপন

0 6

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত বাঢ়ি অহা হিংসাত্মক কামে আমাৰ সমাজত বিভ্ৰান্তি অনাৰ সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে সকলো লোকক শঙ্কৰদেৱ সংঘৰ ভক্ত হ’বলৈ আহ্বান জনায় ,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্ভুক্ত কোনো যুৱক-যুৱতীৰ মাজত কোনো উশৃংখলতা থাকিব নোৱাৰে বুলিও তেওঁ দাবী কৰে । আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ মহান শিষ্য শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ভাগ অসমৰ অন্যান্য ঠাইৰ লগতে নাৰায়নপুৰ মহাপুৰুষ গৰাকীৰ জন্মস্থান উজিৰৰ টোলত কেন্দ্ৰীয়ভাৱে উদযাপন কৰে । এই উদ্দেশ্যে আজি পূৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে পবিত্ৰ ধৰ্মধৰ্জা উত্তোলন কৰা পাছতে নাম প্ৰসঙ্গ আৰু দুপৰীয়া ধৰ্মালোচনী সভা অনুষ্ঠিত হয় । উল্লেখযোগ্য যে উক্ত ধৰ্মালোচনী সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে সভাপতিত্ব কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য নিপেন শ‌ইকিয়াই শুভ উন্মোচন কৰে । ইয়াৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইবাগৰাকী বিষয়ববীয়াই ভাষণ আগবঢ়াই ।

নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.