Daily Time Axom

জামুগুৰিহাটৰ উত্তৰ মুঢ়াদল গাঁও পঞ্চায়ত এলেকাৰ ধুমুহাত ক্ষতিগ্ৰস্ত লোকক আৰ্থিক সাহাৰ্য প্ৰদান

0 9

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে পঞ্চায়তৰ কৰ্মকৰ্তাসকলক ধন্যৱাদ জ্ঞাপন ক্ষতিগ্ৰস্ত পৰিয়ালবৰ্গৰ।

শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰ মুঢ়াদল গাঁও পঞ্চায়ত এলেকাৰ ৩ নং জয়পুৰ, মিলনপুৰ, কৰৈটাপু অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰা শতাধিক দৰিদ্ৰ লোকক আজি সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশ মৰ্মে সাহাৰ্য প্ৰদান কৰা হয় ৷ উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ, মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, নদুৱাৰ মণ্ডলৰ জেষ্ঠ কৰ্মকৰ্তা তথা অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী প্ৰবীন দাস, গাঁওৰক্ষী বাহিনীৰ সভাপতি ৰঘু বৰাৰ লগতে ৱাৰ্ডৰ সদস্য সকলে দৰিদ্ৰ ক্ষতিগ্ৰস্ত লোকসকলক টিৰ্পাল, নগদ পাঁচশ টকা আৰু ২০ কেজি চাউলৰ টোপোলাৰে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে । বিপদৰ সময়ত ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা দৰিদ্ৰ লোকসকলে কিছু আৰ্থিক সাহাৰ্য লাভ কৰাত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সমুহ কৰ্মকৰ্তাক আন্তৰিকতাৰে শলাগ লয় ।

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.