জামুগুৰিহাটৰ ধলাইবিলৰ যুৱক প্ৰশংসনীয় পদক্ষেপ
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল নিবাসী যুৱ সমাজকৰ্মী প্ৰকৃতি প্ৰেমী যুৱক পবিত্র শইকীয়াই বুধবাৰে এটা কাছ ঐতিহ্যমণ্ডিত শৈৱপিঠ নাগশংকৰ দেৱালয়ৰ পুখুৰীত দান কৰে । যুৱকজনে নগাঁৱৰ ননৈ কুমাৰ গাঁৱৰ পৰা কাছটো উদ্ধাৰ কৰি শৈৱপীঠ নাগশংকৰ দেৱালয়ৰ পুখুৰীত এৰি দিয়ে । যুৱকজনৰ এই মহান পদক্ষেপৰ বাবে অঞ্চলবাসীয়ে তেওঁক ভূয়সী প্ৰশংসা কৰিছে ।
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।