যান্ত্ৰিক ত্ৰুটি নহয়,চীনা যাত্ৰীবাহী বিমানখন ইচ্ছাকৃতভাৱে দুৰ্ঘটনাগ্ৰস্ত কৰিছিল!
যান্ত্ৰিক ত্ৰুটি নাছিল, ইচ্ছাকৃত ভাবে চীনা যাত্ৰীবাহী বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰা হৈছিল।
অনুসন্ধানকাৰীসকলে কৈছে যে উদ্ধাৰ হোৱা বিমানখনৰ ক’লা বাকচটোৱে তাকেই ইংগিত দিছে।
মাৰ্চ মাহত, চাইনা ইষ্টাৰ্ণ এয়াৰলাইনছৰ বোয়িং ৭৩৭ -৮০০ কুনমিংৰ পৰা গুয়াংঝৌলৈ বিমানখন উৰা মাৰিছিল, য’ত ১৩২ জন যাত্ৰী আছিল। ২৯,০০০ ফুট উচ্চতাৰ পৰা গুয়াংছিৰ পাহাৰীয়া অঞ্চলত হৰ্ঠাৎ খহি পৰে। ফ্লাইটৰাডাৰ ২৪ ৰ মতে, দুৰ্ঘটনাৰ সময়ত বিমানখনৰ গতি বেগ আছিল ১,১০০ কিলোমিটাৰ প্ৰতি ঘণ্টা। এই দুৰ্ঘটনাত বিমানখনৰ সকলো যাত্ৰীৰ মৃত্যু হৈছিল।
প্ৰথমতে, ভবা হৈছিল যে দুৰ্ঘটনাটো যান্ত্ৰিক ত্ৰুটিৰ বাবে হৈছিল। কিন্তু ক’লা বাকচটো পৰীক্ষা কৰাৰ পিছত, অনুসন্ধানকাৰীসকলে দাবী কৰিছে যে কোনোবাই ইচ্ছাকৃতভাৱে দুৰ্ঘটনাটো সংঘটিত কৰিছিল। দুৰ্ঘটনাৰ দিনা এয়াৰ ট্ৰেফিক কণ্ট্ৰোলে পাইলটসকলৰ সৈতে যোগাযোগ কৰিবলৈও চেষ্টা কৰিছিল। কিন্তু কোনো ধৰণে কোনো সঁহাৰি পোৱা নাছিল। বিমানখনৰ পৰা কোনো এলাৰ্ম প্ৰেৰণ কৰা হোৱা নাছিল। অনুসন্ধানকাৰীসকলে কয় যে ককপিটটো কাৰোবাৰ নিয়ন্ত্ৰণত আছিল।
চাইনা ইষ্টাৰ্ণ মতে পাইলট আৰু সহকাৰী পাইলট দুয়োৰে স্বাস্থ্য ভাল আছিল আৰু তেওঁৰ পাৰিবাৰিক বা বিত্তীয় সমস্যা আছিল।