Daily Time Axom

কিমৰ জঙৰ দেশৰ অজ্ঞাত ‘জ্বৰ’ক লৈ চীন চিন্তিত

0 16

উত্তৰ কোৰিয়াত, যোৱা কেইসপ্তাহমানত কমেও ১.৭ নিযুত লোক “জ্বৰ”ত আক্ৰান্ত হৈছে। সেই জ্বৰ কৰ’না সংক্ৰমণো হ’ব পাৰে বুলি আশংকা কৰি চীনে খৰখেদাকৈ পদক্ষেপ লৈছে।

উত্তৰ কোৰিয়াৰ সীমান্তৰ পৰা মাত্ৰ ৩০০ কিলোমিটাৰ দূৰত চীনৰ বন্দৰ চহৰ ডালিয়ানৰ প্ৰায় ৭.৫ নিযুত বাসিন্দাক প্ৰতিদিনে পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে। প্ৰশাসনৰ মতে, তেওঁলোকে কৰ’না পৰীক্ষাৰ এক নতুন পদ্ধতি গ্ৰহণ কৰিছে। কেৱল মহিলাসকলক মঙলবাৰে পৰীক্ষা কৰা হ’ব, বৃহস্পতিবাৰে পুৰুষ আৰু শনিবাৰে প্ৰয়োজন হ’লে সকলোবোকে পৰীক্ষা কৰা হ’ব। কৰ’না পৰীক্ষাত প্ৰশাসনৰ তথ্য অনুসৰি, এটা সৰু পৰিয়ালত, এগৰাকী মহিলা আৰু এজনকৈ পুৰুষ আছে। লিংগ-আধাৰিত পৰীক্ষা পদ্ধতিয়ে একেটা পৰিয়ালৰ সংক্ৰমণৰ বিষয়টোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব। কিন্তু এই পদ্ধতিটোৱে আৱাসীসকলৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে।

চীনে আৰম্ভণিৰে পৰা কৰ’নাৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি অনুসৰণ কৰি আহিছে। কৰ্তৃপক্ষই শেহতীয়াকৈ ৰাজধানী বেইজিংত ৬৯ জন লোকৰ সংক্ৰমণ ধৰা পৰাৰ পিছত কঠোৰ নিয়ম অনুসৰণ কৰিবলৈ নিৰ্দেশ দিছে। এই পৰিস্থিতিত, চীনক উত্তৰ কোৰিয়াত অজ্ঞাত সংক্ৰমণ বৃদ্ধিয়ে চিন্তিত কৰিছে। উত্তৰ চীনৰ আন এখন বন্দৰ চহৰ তিয়ানজিনৰ মেট্ৰো পথটো বিদেশৰ পৰা সংক্ৰমণ প্ৰতিহত কৰিবলৈ আংশিকভাৱে বন্ধ কৰি দিয়া হৈছে। একে সময়তে, চীনা প্ৰশাসনে সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ অতিৰিক্ত ৰাসায়নিক বীজাণুনাশক ব্যৱহাৰ কৰি আছে বুলি অভিযোগ উত্থাপিত হৈছে।

Leave A Reply

Your email address will not be published.