কান মমহোৎসৱত সুন্দৰী ঐশ্বৰ্যৰ চমক, কিয়… কেনেকৈ…

৭৫ তম কান চলচ্চিত্ৰ মহোৎসৱ চলি আছে। প্ৰতি বছৰে হাজাৰ হাজাৰ তাৰকা এই উৎসৱত একত্ৰিত হয়। এগৰাকী তাৰকাই এই উৎসৱটোত কি পিন্ধে গোটেই বছৰটো তাকেই প্ৰচলিত হয়। কাৰোবাৰ কাপোৰ কিমান আচৰিত, কোনে কিমান ব্যয়বহুল পোছাক পিন্ধে ই চৰ্চাৰ বিষয় হৈ পৰে।

দীপিকাৰ পৰা তামান্নালৈকে, এই বছৰৰ কান উৎসৱত ভাৰতীয় অভিনেত্ৰীসকলৰ পোছাকে বহুতৰ দৃষ্টি আকৰ্ষণ কৰিছে। এইবাৰ ঐশ্বৰ্য ৰায় বচ্চনৰ পোছাকেও মন মোহিত কৰিছে বহুতৰ।

প্ৰতি বছৰে, অভিনেত্ৰীগৰাকীয়ে ফ্ৰেঞ্চ ৰিভিয়েৰাত তেওঁৰ চেহেৰা প্ৰদৰ্শন কৰে। তেওঁ কান চলচ্চিত্ৰ মহোৎসৱত নিয়মীয়া অতিথি। এইবাৰো ঐশ্বৰ্যই উৎসৱৰ দ্বিতীয় দিনা টম ক্ৰুজৰ ছবি ‘টপ গান মাৰ্ভিক’ৰ প্ৰিমিয়াৰত উপস্থিত আছিল। অনুসৰণকাৰীসকলে ৫০ বছৰীয়া অভিনেত্ৰীগৰাকীৰ পোছাকৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি জানিব পৰা গৈছে।

Comments (0)
Add Comment