জামুগুৰিহাটত বান পিড়িত লোকক খাদ্য সামগ্ৰী বিতৰণ চতিয়া খণ্ড উন্নয়ন বিষয়াৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাপুজী ভৱনৰ প্ৰাঙ্গনত প্ৰায় ২৭ ঘৰ বান পিড়িত লোকে আশ্ৰয় লৈ আছে । সেই বান পিড়িত পৰিয়ালক চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আৰু জামুগুৰি নগৰ সমিতিৰ সহযোগত এক শিবিৰৰ আয়োজন কৰি আজি চতিয়া খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাই কিছু খাদ্য-সামগ্ৰী প্ৰদান কৰে । উক্ত শিবিৰত উপস্থিত থাকে নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং, কনিষ্ঠ অভিযন্তা অভিজিৎ ভট্টাচাৰ্য্য, জামুগুৰি নগৰ সমিতিৰ পৌৰপতি পল্লৱীতা শৰ্মা, বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলি চুটীয়া কে ধৰি বিশিষ্ট ব্যক্তি সকল৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Comments (0)
Add Comment