বৰক্ষেত্ৰীৰ চৰাঞ্চলত গৰাখহনীয়া আৰু বানৰ তাণ্ডৱ অব্যাহত
ৰাজ্যৰ চাৰিওদিশে বানৰ বিভীষিকা । সমগ্ৰ ৰাজ্যতে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৃহত্তৰ চৰাঞ্চলতো অব্যাহত আছে গৰাখহনীয়া আৰু বানৰ তাণ্ডৱ । হেজাৰ হেজাৰ কৃষি ভূমি পানীৰ তলত জাহ যোৱাৰ লগতে গৰাখহনীয়াৰ কৱলতো পৰিছে বিস্তীৰ্ণ অঞ্চল। নিৰুপায় , অসহায় কৃষকৰ লগতে মূৰে কপালে হাত দিবলগীয়া হৈছে সাধাৰণ লোকসকলে । বিশেষকৈ চৰাঞ্চলৰ ভাংনামাৰী আৰক্ষী থানা, মধ্য কামৰূপ মিলন উচ্চ মাধ্যমিক বিদ্যালয়,ত্ৰিশখন বিচনাযুক্ত ভাংনামাৰী সামূহিক চিকিৎসা কেন্দ্ৰ আদিকে ধৰি বহুকেইখন প্ৰাথমিক বিদ্যালয়,অংগনবাদী কেন্দ্ৰৰ লগতে বুধবৰীয়া সাপ্তাহিক বজাৰ নদীৰ গঢ়াখহনীয়াৰ কবলত পৰিছে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱ ভুমিকাই চৰাঞ্চলত বসবাস কৰা লাখৰো অধিক জনসাধাৰণক আতংকিত কৰিছে।
এতিয়া প্ৰশ্ন হয় ইমান কেইখন আগশাৰীৰ অনুষ্ঠান গঢ়াখহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হবনে বিজেপি নেতৃত্বাধীন চৰকাৰখনে?
সময় থাকোতেই চৰাঞ্চলত অব্যাহত থকা গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবনে চৰকাৰে? সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয়।