আজি বিলাসীপাৰা চহৰৰ বেপাৰী পাৰা ১ নং ওৱাডৰ দুই সন্তানৰ মাতৃ হেনা খাতুন (২৭) নামৰ এগৰাকী মহিলাই চিপলৈ আত্মহত্যা কৰে।
নিজা বাসভৱনত এই আত্মহত্যা সংঘটিত হয় ।
পিছত পৰিয়ালৰ লোকে বিলাসী পাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে।
আত্মহত্যাৰ কাৰণ বৰ্তমান লৈকে জানিব পৰা হোৱা নাই।
বিলাসীপাৰা আৰক্ষীয়ে উক্ত ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত হে ওলাই পৰিব হত্যা নে আত্মহত্যা ?