ভেৰগাঁ‌ৱত ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থা(আছাৰ) অৱস্থান ধৰ্মঘট কাৰ্যসূচী

আজি অন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই চাহ বাগিচা উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ।

উল্লেখ্য যে যোৱা ১২ মে’ তাৰিখে বৰাক উপত্যাকাৰ কাছাৰ জিলাৰ ডলু চাহ বাগিচাৰ শ্ৰমিক সকলক পুন সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ ২৫০০ বিঘা মাতি উচ্ছেদ কৰি অসম চৰকাৰে গ্ৰীণফিল্ড এয়াৰপৰ্ট নিৰ্মাণৰ কাম আৰম্ভ কৰাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰে।
যাৰ পৰিপ্ৰেক্ষিতত আদিবাসী ছাত্ৰ সন্থা আছাই ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে

তাৰ সমান্তৰালকৈ ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত ভেৰগাও আঞ্চলিক আছাৰ সহযোগত আজি ভেৰগাও মহকুমাধিপতী কাৰ্যালয়ৰ সন্মুখত উচ্ছেদ অভিযান বন্ধ কৰক, শ্ৰ্মিক সকলক পুন সংস্থাপনৰ ব্যৱস্থা কৰক, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫২৫ টকালৈ বৃদ্ধি কৰক,আদিবাসী সকলক অনসূচিতকৰণ মৰ্যাদা প্ৰদান কৰক,বিজেপি চৰকাৰ হায় হায়, আদিবাসী ছাত্ৰ সন্থা লংলিভ, আদি স্থানেৰে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ মূৰ্দাবাদ ধ্বনিৰ উত্তাল কৰি তোলাৰ লগতে চাৰি দফীয়া দাবীৰে
ভেৰগাঁ‌ও মহকুমাধিপতি দীপক ভূঞাৰ হতোৱাই ৰাজ্য চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

আনহাতে উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় আছাৰ শিক্ষা সচিব ৰাজু তেলী, প্ৰচাৰ সম্পাদক অনিল এক্কা লগতে জিলা সমিতিৰ সভাপতি
টিংকু অৰাং উপস্থিত থাকি
মন্তব্য আগবঢ়াই।

খৈৰাবাৰীৰ পৰা সূদশন কলিতা

Comments (0)
Add Comment