Daily Time Axom

জামুগুৰিহাটৰ বৰমতা-বগাবিল গাঁৱত মগৰ সংঘৰ ষষ্ঠ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

0 10

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বৰমতা-বগাবিল গাঁৱৰ মগৰ সংঘৰ শাখা সমিতিৰ উদ্যোগত বৰমতা সামুহিক ভৱন প্ৰাঙ্গনত মগৰ সংঘৰ ষষ্ঠ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় । এই উপলক্ষে পুৱাই পতাকা উত্তোলন কৰি সভাপতি ডেনি ৰাণা আৰু সম্পাদক ঠঙ্গৰাজ থাপাই মূল সভাৰ শুভাৰম্ভ কৰে । সভাৰ মূখ্য অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট সাহিত্যিক ছত্ৰমান চুব্বাই ৷বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণ প্ৰসংগত মগৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নন্দলাল ৰাণাই কয় যে – নিজৰ জাতিৰ পৰম্পৰা, সংস্কৃতিৰ বিষয়ে আমি যদি নিজে অধ্যয়ন নকৰো তেন্তে বৰ্তমানৰ নৱপ্ৰজন্মই নিজৰ জাতিয় সংস্কৃতি, পৰম্পৰা পাহৰি যাব । এই ক্ষেত্ৰত প্ৰত্যেকজন অভিভাৱকে নিজৰ সন্তানৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ মগৰ সংঘৰ উপ সভাপতি গৰাকীয়ে ৰাইজক অনুৰোধ জনায় । মগৰ সম্প্ৰদায়ৰ লোক সকলৰ নিজৰ লিপী, ৰিতী-নিতী, ভাষা সংৰক্ষণৰ বিষয়টোক মূল লক্ষ্য হিচাপে লৈ বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হোৱা বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । মূল সভা খনিত অঞ্চলটোৰ কেইবাগৰাকীও জেষ্ঠ সমাজকৰ্মী, ৮০ উৰ্দ্ধৰ বৃদ্ধ-বৃদ্ধাৰ লগতে কৃতি শিক্ষাৰ্থীসকলক প্ৰশংসা পত্ৰ, অসমীয়াৰ স্বাভিমান গামোছা, গোৰ্খা টুপি, মিঠাই টোপোলাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ অনুষ্ঠানটিত মগৰ সম্প্ৰদায়ৰ যুৱক-যুৱতি, কন কন শিশু সকলে পৰিৱেশন কৰা জাতীয় পৰম্পৰাগত গীত নৃত্যই সকলোৰে মন জয় কৰে৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট।

Leave A Reply

Your email address will not be published.