তাজমহলৰ ২২ টা ‘গোপন কোঠাৰ ছবি প্ৰকাশ

ভাৰতৰ হিন্দুত্ববাদী কৰ্মীসকলে তাজমহলৰ তলত ‘২২ টা বন্ধ কোঠা’ খোলাৰ বাবে এখন আবেদন লৈ আদালতলৈ গৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে (এএছআই) এই গোপন কোঠাবোৰৰ ছবি মুকলি কৰে।

এএছআই বিষয়াসকলে কয় যে কোঠাবোৰত কোনো গোপনীয়তা নাছিল। সেইবোৰ কেৱল মূল গাঁথনিৰ অংশ। ভাৰতীয় পুৰাতাত্ত্বিক সংগঠনৰ মতে কেৱল তাজমহলতে নহয়, এনে কোঠা বহু যুগৰ স্থাপত্যত আছে। উদাহৰণ স্বৰূপে, দিল্লীত মোগল সম্ৰাট হুমায়ুনৰ সমাধিতো আছে ।

হিন্দুত্ববাদী সংগঠনসমূহে দাবী কৰে যে তাজমহল মূলতঃ ‘তেজো মহালয়া’ নামৰ এটা শিৱ মন্দিৰ। বিজেপিৰ অযোধ্যা জিলাৰ ‘মিডিয়া ইন-চাৰ্জ’ ৰজনীশ সিঙে ভাৰতৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত আচি বিশেষজ্ঞৰ তত্বাৱধানত তাজমহলৰ “প্ৰকৃত ইতিহাস” তদন্তৰ দাবীত এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰ ৰুজু কৰে। তেওঁ দীৰ্ঘদিন ধৰি তাজমহলৰ ভিতৰত বন্দী হৈ থকা ২২ টা কোঠা মুকলি কৰাৰ দাবী জনাই আহিছে । যদিও ইতিমধ্যে, ভাৰতীয় উচ্চ ন্যায়ালয়ে আৱেদনখন খাৰিজ কৰে।

Comments (0)
Add Comment