অষ্ট্ৰেলিয়াৰ নতুন প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ
এন্থনী এলবানিছে অষ্ট্ৰেলিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে।
টকিঅ’ত কোৱাড আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশলোৱাৰ কেইঘণ্টামান আগতে তেওঁ এই ভূমিকা গ্ৰহণ কৰিছিল।
বিবিচিৰ মতে, ৫৯ বছৰীয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে সোমবাৰে ২৩ মে’ত কেনবৰাৰ চৰকাৰী গৃহত এক অনুষ্ঠানত শপত গ্ৰহণ কৰে।
লেবাৰ পাৰ্টিৰ নেতা এন্থনী এলবানিছে স্কট মৰিছনৰ ৰক্ষণশীল চৰকাৰক পৰাস্ত কৰি শনিবাৰৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত জয়লাভ কৰিছিল।
এলবানিছে কৈছিল যে অষ্ট্ৰেলিয়া জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশ্বৰ সৈতে জড়িত হ’বলৈ ইচ্ছুক। এই উদ্দেশ্যে তেওঁ আজি টকিঅ’লৈ ৰাওনা হ’ব কোৱাড দেশ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত আৰু জাপানৰ নেতাসকলক সাক্ষাৎ কৰিবলৈ।
কোৱাড গোটটোক মুখ্যতঃ ইণ্ডো-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বৰ্ধিত চীনা প্ৰভাৱৰ মোকাবিলা কৰাৰ লক্ষ্য হিচাপে দেখা যায়। যোৱা মাহত চীনে চলোমন দ্বীপপুঞ্জৰ সৈতে নিৰাপত্তা চুক্তি স্বাক্ষৰ কৰাৰ পিছত প্ৰশান্ত মহাসাগৰত কূটনৈতিক উত্তেজনা বিয়পি পৰিছিল।