Daily Time Axom

জামুগুৰিহাটত ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ সজাগতা সভা পালন

0 10

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বৰদিকৰাই মিৰি গাঁৱত আজি ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয় । অনুষ্ঠানটিত মূখ্য অতিথিৰ আসন অলংকৃত কৰে উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়ৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° ৰূপক বৰুৱাই৷ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে শোণিতপুৰ জিলাৰ এপিডেমলজিষ্ট ডা° শুভলক্ষ্মী বৰাই৷ উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ, মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, এম পি ডব্লিউ অভিজিৎ ভূঞা, এম টি এছ প্ৰাণজিৎ নাথ, চি এছ অ নিৰ্মালী বৰমুদৈ লগতে এ এন এম, আশাকৰ্মী সকলেও সজাগতা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে । ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সজাগতা সভাৰ মূখ্য অতিথি তথা মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° ৰূপক বৰুৱাই নিজৰ বক্তব্যত কয় যে-” আমি নিজেই সজাগ নহ’লে ডেংগুৰ পৰা হাত সাৰিব নোৱাৰো । তাৰ কাৰণে আমি সকলোৱে ঔষধিযুক্ত আঠুৱা ব্যৱহাৰ কৰাটো অতিকে প্ৰয়োজন৷ চিকিৎসা বিষয়া গৰাকীয়ে ৰাইজক নিজৰ নিজৰ ঘৰখনৰ উপৰিও ৰাষ্টাঘাটৰ হাবি-জংঘল চাফ চিকুনকৈ ৰাখিবলৈ আহৱান জনাই ডেংগু ৰোগৰ লক্ষণ কেইটাৰ সন্দৰ্ভত কয় যে- মূৰৰ বিষৰ সৈতে অতিপাত জ্বৰ, গাঠি আৰু মাংসপেশীৰ বিষ, চকুৰ পিছফালৰ বিষ, নাক-মুখ-দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আদিয়েই এই ৰোগৰ মূল লক্ষণ ।ইয়াৰ উপৰিও ডেংগু দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এখনি কুইজ প্ৰতিযোগিতাত অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.