প্ৰেমিকাৰ নাম গুপ্তাঙ্গত টেটু কৰি, কি হ’ল যুৱকৰ
ইৰাণৰ এজন যুৱকে কি কৰিছে শুনি সকলোৱে হতবাক হৈছে। তেওঁ প্ৰেমিকাৰ নামৰ আদ্যক্ষৰ নিজৰ লিঙ্গত টেটু কৰিছিল! আৰু তেওঁ এনে কৰিবলৈ চেষ্টা কৰা বাবে মূল্যও পৰিশোধ কৰিব লগা হৈছে।

এক আন্তর্জাতিক সংবাদমাধ্যমে জনোৱা মতে, ২১ বছৰীয়া যুৱকগৰাকীৰ প্ৰেমিকাৰ নামৰ আদ্যক্ষৰ হৈছে এম। তেওঁ কেৱল এটা টেটু কৰিব বিচৰা নাছিল। তেওঁ “বৰো বি ছালামত” বলিও লিখিব বিচাৰিছিল। অৰ্থাৎ, অসমীয়া ভাষাত ইয়াৰ অৰ্থ হৈছে ‘আপোনাৰ যাত্ৰা ভাল হওক’। নিজৰ প্ৰেমক ‘স্থায়ী’ কৰিবলৈ এই আকৰ্ষণীয় আকাংক্ষা পুহি ৰাখিছিল !
যুৱকজনে টেটুটো সম্পন্ন কৰাৰ পিছত, দেখিলে যে তেওঁৰ লিঙ্গৰ আধা অংশ স্থায়ীভাৱে দৃঢ় হৈ পৰিছে। এই অৱস্থাটোক ‘নন-ইস্কিমিক প্ৰিয়াপিজম’ বুলি কোৱা হয়। দৰাচলতে টেটুটোৰ বেজীটো লিঙ্গৰ ছালৰ ওপৰেৰে গৈছিল আৰু পেশীৰ কিছু পৰিমাণে ভিতৰলৈ গৈছিল। ফলস্বৰূপে, এটা এলেকাত তেজ গোট মাৰিছিল।
প্ৰথমতে বিশেষ একো হোৱা নাছিল। প্ৰথম ৮ দিন লিঙ্গত বিষ হৈছিল। পাছত লাহে লাহে দেখিছিল যে ইয়াৰ আধা অংশ কঠিন হৈ পৰিছে। চাবলৈ তিনি মাহ ধৰি এনেকুৱা হৈয়ে আছে তেওঁৰ ।
পিছলৈ যুৱকজনে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ সিদ্ধান্ত লয়। জাৰ্নেল অফ চেক্সুয়াল মেডিচিনে দাবী কৰিছে যে এইটো হ’ল এনেধৰণৰ প্ৰথম ঘটনা।