বি.বৰুৱা মহাবিদ্যালয়ৰ বাৰ্ষিক খেল সপ্তাহ-২০২২ ৰ শুভাৰম্ভণি
আজি বি.বৰুৱা মহাবিদ্যালয়ৰ বাৰ্ষিক খেল সপ্তাহ-২০২২ ৰ লগত সংগতি ৰাখি আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই। অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰ সমাহাৰেৰ পৰিপূৰ্ণ এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰি আনন্দিত হোৱা বুলি জানিব দিয়ে। লগতে তেওঁ কয়, “এনেধৰণৰ সাংস্কৃতিক অনুষ্ঠান সমূহে অসমীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নৱ প্ৰজন্মক অসমীয়া সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ থকাত সহায় কৰিব। মোক আমন্ত্ৰণ কৰি আজি পুনৰ মহাবিদ্যালয়খনৰ সৈতে জড়িত হোৱাৰ সুযোগকণ দিয়াৰ বাবে বি. বৰুৱা মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু বৰ্তমান ছাত্ৰ একতা সভাৰ সমূহ বিষয়ববীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।”