উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়ৰ নৱ নিযুক্ত চিকিৎসা বিষয়াক সম্বৰ্ধনা

শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল স্হিত উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়ত আজি এগৰকী নৱ নিযুক্ত চিকিৎসক তথা চিকিৎসা ও স্বাস্থ্য বিষয়াক নদুৱাৰ মণ্ডল বিজেপি যুৱ মৰ্চাৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷অনুষ্ঠানটিত নৱনিযুক্ত চিকিৎসা ও স্বাস্থ্য বিষয়া ডা°পপী বৰাক নদুৱাৰ বিজেপিৰ কিষান মৰ্চাৰ তৰফৰ পৰা ফুলাম গামোচাৰে উষ্ণ সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে সম্বৰ্দ্ধনা পত্ৰ প্ৰদান কৰা হয়৷ নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা আৰু দক্ষিন মূড়াদল গাও পঞ্চায়তৰ সভাপতি দিলিপ সেনাপতি অবি চি মৰ্চাৰ সভাপতি গৌতম লাহন যুৱ সমাজকৰ্মী বুলু আহমেদ আৰু উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসক চিকিৎসাকৰ্মীৰ লগতে বিজেপি যুৱ মৰ্চা বিষয়ববীয়া সদস্য সকলৰ উপস্হিতিত আয়োজিত অনুষ্ঠানটিৰ আট ধৰে যুৱ মৰ্চাৰ সভাপতি ভাষ্কৰ শইকীয়াই৷সম্বৰ্ধনা অনুস্হানটিত ভাষন প্ৰসংগত মণ্ডল সভাপতি আৰু পঞ্চায়ত সভাপতি দুগৰাকীয় নৱনিযুক্ত চিকিৎসা ও স্বাস্থ্য বিষয়া গৰাকীক সততা আৰু নিষ্ঠাৰে ৰাইজৰ প্ৰতি প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াই যাবলৈ আহৱান জনাই৷উল্লেখযোগ্য যে নৱ নিযুক্ত চিকিৎসা ও স্বাস্হ্য বিষয়া ডা°পপী বৰা জামুগুৰিহাটৰ টুপিয়া গাঁও নিবাসী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নিত্যনন্দ বৰাৰ সুযোগ্য কন্যা হোৱাৰ লগতে তেখেতে টুপিয়া পাচগাঁও একাডেমীত শিক্ষাগ্ৰহন কৰি সেই স্কুলৰ পৰা সুখ্যতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গৈ পিছত বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসাবিজ্ঞানৰ ডিগ্ৰী তথা সুখ্যাতিৰে এম বি বি এচ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়৷অলপতে মূখ্যমন্ত্ৰীৰ পৰা চিকিৎসকৰ নিযুক্তিপত্ৰ লাভ কৰা ডা°পপী বৰাই আজি উত্তৰজামুগুৰি গ্ৰম্য চিকিৎসালয়ৰ চিকিৎসক হিচাবে যোগদান কৰে৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ৷

Comments (0)
Add Comment