সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো পালন কৰিছে গুণোৎসৱ।শিক্ষা বিভাগে অনুষ্ঠিত কৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে।এয়া দৃশ্য নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত পাহিতা মজলীয়া বিদ্যালয়ৰ।শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষাখণ্ডত ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত হৈছে গুণোৎসৱ । গুণোৎসৱক লৈ ছাত্ৰ-ছাত্ৰী শিক্ষক মহলৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে । গুণোৎসৱক লৈ যেন ব্যস্ততাৰ অন্ত নাই ছাত্ৰ-ছাত্ৰ তথা শিক্ষক মহলৰ মাজত । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে শাৰী পাতি শিক্ষক তথা পৰ্যবেক্ষক সকলোক আদৰিছে । প্ৰাত :সভাত ছাত্ৰ-ছাত্ৰী সকলে শাৰিৰিক কুচ-কাৱাজৰ লগতে সংকল্প¸জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীতেৰে অন্ত পৰে প্ৰাত:সভা ।
নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপ’ৰ্ট