Daily Time Axom

পাকিস্তানৰ অৱস্থা মূৰবিহীন কুকুৰাৰ দৰে! ভাৰতক প্ৰশংসা, পাক চৰকাৰক কঠোৰ সমালোচনা ইমৰান খানৰ ৷

0 18

ইমৰানে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ ক্ষেত্ৰত ভাৰতৰ বৈদেশিক নীতিক প্ৰশংসা কৰে। তেওঁ নিজৰ দেশৰ চৰকাৰক সমালোচনা কৰে।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে পুনৰবাৰ ভাৰতৰ বৈদেশিক নীতিক প্ৰশংসা কৰিছে। তেওঁৰ মতে, ভাৰতে আমেৰিকাৰ আগত সেও নমনাকৈয়ে স্বতন্ত্ৰ বৈদেশিক নীতি গ্ৰহণ কৰি আছে। একে সময়তে ইমৰান খানে ইছলামবাদৰ বৰ্তমানৰ বৈদেশিক নীতিক তীব্ৰ সমালোচনা কৰে। দেওবাৰে ইমৰানে টুইট কৰি কয় যে “পাকিস্তানৰ বৰ্তমানৰ চৰকাৰখন মূৰবিহীন কুকুৰাৰ দৰে। মূৰ নমাই আমেৰিকাৰ ফালে দৌৰিছে।”

ভাৰতৰ দৰেই পাকিস্তানতো পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে। এনে অৱস্থাত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে পেট্ৰ’লৰ মূল্য ৯.৫০ টকা আৰু ডিজেলৰ মূল্য ৬ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। আমেৰিকাৰ নিষেধাজ্ঞা অমান্য কৰি ৰাছিয়াৰ পৰা কম দামত তেল ক্ৰয় কৰাৰ বাবেই তেলৰ মূল্য হ্ৰাস হোৱা বুলিও কয়, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ দেওবাৰে মোদী চৰকাৰক প্ৰশংসা কৰি তেওঁ টুইটাৰযোগে কয় যে, ‘ভাৰতে তীব্ৰ ভাবুকিৰ পিছতো আমেৰিকাৰ হেঁচা নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে। ৰাছিয়াৰ পৰা তেল কিনিছে। তেওঁলোকৰ নিজা স্বতন্ত্ৰ বৈদেশিক নীতিৰ দ্বাৰাই সম্ভৱ হৈ উঠিছে। আমাৰ চৰকাৰে তেনে কৰিব পাৰিবনে?’

Leave A Reply

Your email address will not be published.