চাপৰত চি ডি আই আঁচনিৰ অধীনত বিশেষ পদক্ষেপ

ধুবুৰী জিলা আছা আৰু চি ডি আই অধীনত পৰ্য্যবেক্ষণ কৰিব দহ খন কৈ গাঁও

গাঁৱৰ বিভিন্ন সমস্যা কে ধৰি বহিৰাজ্যলৈ কাম কৰিবলৈ যোৱা লোকৰ পৰ্য্যবেক্ষণ কৰিব উক্ত আঁচনিৰ অধীনত

চি ডি আই আঁচনিৰ অধীনত আৰু ধুবুৰী জিলা আছাৰ সহযোগত চাপৰ চৌবাৰী চাহ বাগিচাৰ দহ খনকৈ গাঁৱও পৰ্য্যবেক্ষণ কৰিব আছাই। উক্ত আঁচনি খনৰ অধীনত দহ খন গাঁৱৰ বিভিন্ন সমস্যা কে ধৰি বহিৰাজ্যলৈ কাম কৰিবলৈ যোৱা ৰাইজৰ হিচাব ৰাখিব। আজি চৌবাৰী চাহ বাগিচাৰ একাংশ যুৱক যুৱতী চাপৰ থানাত উপস্থিত হৈ আঁচনিৰ বিষয়ে চাপৰ আৰক্ষীক অৱগত কৰায় বুলি জানিবলৈ দিয়ে। আচনিটোৰ অধীনত ৰাইজ উপকৃত হ’ব বুলি আছাই আশা প্ৰকাশ কৰিছে।

Comments (0)
Add Comment