Daily Time Axom

টাইৱান দখলৰ পৰিকল্পনা চীনৰ

0 12

চীনে টাইৱান দখল কৰাৰ পৰিকল্পনা কৰিছে। এক চাঞ্চল্যকৰ অডিঅ’ত, চীনা কমিউনিষ্ট শাসক আৰু সামৰিক বিষয়াসকলৰ এটা অংশক এই বিষয়ে আলোচনা কৰা শুনা গৈছে । জাপানত অনুষ্ঠিত কোৱাড বৈঠকৰ পৰিপ্ৰেক্ষিতত, এটা চেনেলত লিক হোৱা অডিঅ’টোক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে।

অলপতে লুড মিডিয়াৰ ইউটিউব চেনেলত এটা অডিঅ’ মুকলি কৰা হৈছিল। চীনৰ গুয়াংডং প্ৰদেশৰ গভৰ্ণৰ, কমিউনিষ্ট পাৰ্টিৰ সচিব, চীনা পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ এজন মুখ্য সাধাৰণ পৰ্যায়ৰ সামৰিক কমাণ্ডাৰৰ মাজত বাৰ্তালাপ হয়। কমিউনিষ্ট পাৰ্টি আৰু চীনা সেনা বিষয়াসকলৰ মাজত হোৱা আলোচনাৰ লিক হোৱা অডিঅ’টোৱে দেখুৱাইছে যে ৰেড আৰ্মীয়ে টাইৱান দ্বীপৰাষ্ট্ৰৰ ওচৰৰ মেইনলেণ্ড গুয়াংডং প্ৰদেশৰ ওপৰত আধাৰিত এটা সামৰিক অভিযানৰ বাবে প্ৰস্তুতি চলাই আছে।গুয়াংডং প্ৰদেশত যুদ্ধজাহাজ, বৃহৎ পৰিমাণৰ সামৰিক সঁজুলি আৰু ইন্ধন তেলকে ধৰি প্ৰায় ১,৪০,০০০ সৈন্য, ৯৫৩ খন জাহাজ মজুত কৰা হৈছে বুলি আলোচনাত কোৱা হৈছে।

বিশ্লেষকসকলে বিশ্বাস কৰে যে অডিঅ’ ক্লিপটো বিশ্বাসযোগ্য। টাইৱানদখলৰ ওপৰত আলোচনা চীনা সেনাই লিপিবদ্ধ কৰিছিল। এইটো কেনেবাকৈ তাৰ পৰা লিক হৈছিল। মন কৰিলোঁ যে ১৯৪৯ চনত ৰেড আৰ্মী স্থাপনৰ পিছত এইটো প্ৰথমবাৰৰ বাবে এনে ধৰণৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। চীনা বিষয়াসকলে বাৰে বাৰে ঔদ্যোগিক কেন্দ্ৰ গুয়াংডং প্ৰদেশৰ পাৰ্ল হাৰ্বাৰ বদ্বীপৰ নিৰাপত্তা নিশ্চিত কৰাৰ কথা কৈছে। কাৰণ, গুয়াংডং হৈছে চীনা উদ্যোগ আৰু গধুৰ কাৰখানাৰ কেন্দ্ৰ। তাতেই চীনা প্ৰযুক্তিৰ দৈত্য হুবেই আৰু টেনচেণ্টৰ মুখ্য কাৰ্যালয় অৱস্থিত।

চীনে সদায় টাইৱানক নিজৰ অংশ হিচাপে দাবী কৰি আহিছে। অৱশ্যে, বেইজিংত ক্ষমতা ছি জিনপিঙৰ হাতত অহাৰ পিছত সাম্যবাদী দেশখন অধিক আক্ৰমণাত্মক হৈ পৰিছে। ৰাষ্ট্ৰপতি ছিয়ে বাৰে বাৰে টাইৱান কব্জা কৰাৰ কথা কৈছে।

Leave A Reply

Your email address will not be published.