শগুনবাহী চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই

সংকল্পক সিদ্ধিলৈ ৰূপান্তৰিত কৰি ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰদৰ্শী চিন্তাৰ আধাৰত ৰাজ্যৰ চাহ বাগিচাত প্ৰথমবাৰলৈ হাইস্কুল নির্মাণেৰে চাহ বাগিচা এলেকাসমূহত শিক্ষাৰ সোণালী যুগৰ সূচনাৰ পথ প্ৰশস্ত কৰিছে। ৰাজ্যৰ বাগিচা এলেকাত চাহ-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ৯৬ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আনুষ্ঠানিক শুভ উদ্বোধন কাৰ্যসূচীৰ অংশ হিচাপে আজি নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ কঠিয়াতলী শিক্ষা খণ্ডৰ অৰ্ন্তগত শগুনবাহী চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই । প্ৰথমবৰ্ষতে ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে বিদ্যালয়খনত ১৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰাৰ লগতে ৮ গৰাকী শিক্ষকক এই বিদ্যালয়ত নিযুক্তি দিয়া হৈছে। বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়ন তথা আনুষংগিক কামকাজৰ বাবে ৫০ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত এই বিদ্যালয়খন পৰৱৰ্তী পৰ্যায়ত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উদ্বোধনী অনুষ্ঠানত বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী , নগাঁও জিলাৰ উপায়ুক্ত নিসৰ্গ হিবড়ে, নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃণাল কুমাৰ নাথ, বিদ্যালয়খনৰ প্ৰধান শিক্ষক উজ্বল শইকীয়া, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা কন্দলি চাহ বাগিচাৰ মুখ্য পৰিচালক দিগন্ত ৰাজখোৱা, ভাৰতীয় চাহ মজদুৰ সংঘ নগাঁও জিলা সমিতিৰ সভাপতি ভোলা মাঝি, অগপ দলৰ নগাঁও জিলা সমিতিৰ সম্পাদক নিৰঞ্জন বৰাৰ লগতে শিক্ষাখণ্ডৰ অৰ্ন্তগত মণ্ডল সমন্বয়ক, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে ।

Comments (0)
Add Comment