টেক্সাছৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাত ১৮ জন শিক্ষাৰ্থীসহ কমেও ২১ জন লোক নিহত
টেক্সাছৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাত ১৮ জন শিক্ষাৰ্থীসহ কমেও ২১ জন লোক নিহত হয়। বহুতো আহতও হৈছে । ঘটনাটো টেক্সাছত মঙলবাৰে সংঘটিত হৈছিল। আক্ৰমণটোত আৰক্ষীৰ সৈতে সংঘৰ্ষত অভিযুক্ত কিশোৰ বন্দুকধাৰীজনৰ ঘটনাস্থলীত মৃত্যু হয়।
টেক্সাছ প্ৰশাসনৰ মতে, উভালডে কাউণ্টিৰ এখন মাধ্যমিক বিদ্যালয়ত গুলীচালনাৰ অভিযোগত অভিযুক্ত কিশোৰজনক ১৮ বছৰীয়া ছালভাডৰ ৰামোছ বুলি চিনাক্ত কৰা হৈছে। মঙলবাৰে, তেওঁ হেণ্ডগান আৰু ৰাইফল লৈ বিদ্যালয়ত প্ৰৱেশ কৰিছিল আৰু নিৰ্বিচাৰভাৱে গুলীবৰ্ষণ আৰম্ভ কৰিছিল। ঘটনাস্থলীত ২১ জন লোকক গুলীয়াই হত্যা কৰা হৈছিল। তেওঁলোকৰ ভিতৰত ১৮ টা শিশু আছে। ইয়াৰ উপৰিও, বহুতো লোক আঘাতপ্ৰাপ্ত হয়। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমে দাবী কৰিছে যে টেক্সাছৰ ইতিহাসত এনে আক্ৰমণ আগতে কেতিয়াও হোৱা নাছিল। এইটো এটা আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ আক্ৰমণ। টেক্সাচৰ গভৰ্ণৰে ঘটনাটোৰ পিছত টুইট কৰি শোক প্ৰকাশ কৰিছে।

তেওঁ ৰাজ্যখনৰ জনসাধাৰণক এই পৰিস্থিতিত ঐক্যবদ্ধ হৈ থাকিবলৈআহ্বান জনায়।
ৰাষ্ট্ৰপতি জ’ বাইডেনে মঙলবাৰে সংঘটিত আক্ৰমণত নিহত সকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ ২৮ মে’ত সূৰ্যাস্তলৈকে ৰাষ্ট্ৰীয় পতাকাখন আধালৈ নমাই শোক দিৱস পালন কৰা নিৰ্দেশ দিছে।